NORTHEAST NOW (Assamese)
অটো

চোলাৰ ৰিক্সাই কঠিন জীৱন কিছু সহজ কৰিছে আই আই টিৰ ৰিক্সাচালকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2019 3:57 pm
Solar rickshaws

আহি গৈছে চোলাৰ ৰিক্সা। ৰিক্সাচালকৰ শাৰীৰিক কষ্ট কমাব পৰা এনে ১০খন বাহন আই আই টি, দিল্লীত চলি আছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান কেন্দ্ৰীয় ইলেক্ত্ৰনিকছ লিমিটেদে শুকুৰবাৰে যোগান ধৰা এই ৰিক্সাসমূহৰ ফলত আই আই টিত দীৰ্ঘদিনৰ পৰা ৰিক্সা চলাই অহা ব্যক্তিকেইজনে কষ্টকৰ জীৱনৰ মাজতো কিছু সকাহ লাভ কৰিছে।

শাৰীৰিক কষ্ট কমোৱাৰ লগতে এই বাহনসমূহে ৰিক্সাচালককেইজনৰ উপাৰ্জনো বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

কাৰণ, গোটেই দিনটো সূৰ্য্য ৰশ্মিৰে চাৰ্জ লোৱা এই বাহনসমূহে একোখন ৰিক্সাই অতিক্ৰম কৰিব পৰা সৰ্বাধিক দূৰত্ব প্ৰায় দুগুণলৈকে বহোৱাৰ সম্ভাৱনা আছে।

এই বাহনখন ঘণ্টাত ১০ৰ পৰা ১৫ কিঃ মিঃ গতিত চলিব পাৰে, কিন্তু চীনৰ পৰা আমদানি কৰা উন্নত মটৰ ব্যৱহাৰেৰে ইয়াৰ গতি ২৫কিঃ মিঃ লৈকে বৃদ্ধি কৰিব পৰা যায়।

আন এটা দিশ হৈছে, বৰ্তমান চলি থকা ই ৰিক্সাসমূহৰ তুলনাত চোলাৰ ৰিক্সাসমূহৰ দাম সম্পূৰ্ণ আধা।

একোখন ই ৰিক্সাৰ দাম ১ লাখ ২০ হাজাৰ মান টকা হোৱাৰ বিপৰীতে এই হাইব্ৰিদ চোলাৰ ৰিক্সাৰ দাম ৬৮হাজাৰ টকা।

এই বাহনসমূহ বৰ্তমান কেৱল আই আই টি চৌহদতহে চলি আছে। ইয়াৰ কাৰণ হৈছে ৰাজহুৱা পৰিবহণ ৰূপে ব্যৱহাৰ কৰিব পৰাকৈ এইসমূহক এতিয়াও বাহনৰ স্বীকৃতি দিয়া হোৱা নাই।