NORTHEAST NOW (Assamese)
অসম

শতাধিক যুৱতী-মহিলাৰ অংশগ্ৰহণেৰে শিৱসাগৰত সৌন্দৰ্য্য চৰ্চাৰ কৰ্মশালা অনুষ্ঠিত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 20, 2019 4:46 pm

শিৱসাগৰত ঐক্য সেনা অসম আৰু নৱ উদিত সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এক দহ দিনীয়া সৌন্দৰ্য্য চৰ্চাৰ কৰ্মশালাৰ শুকুৰবাৰে সফল সমাপ্তি হয়। ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই দহ দিনীয়া কৰ্মশালাত প্ৰায় শতাধিক যুৱতী তথা মহিলাই অংশগ্ৰহণ কৰে।

শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সৌন্দৰ্য চৰ্চাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণত অংশগ্ৰহণ ৯০ গৰাকী কৰা যুৱতী তথা মহিলাক মানপত্ৰ বিতৰণ কৰা হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত এছ লক্ষ্মণন, লেখিকা তথা সমাজসেৱীকা দিপালী ভট্টাচাৰ্য, সৌন্দৰ্য বিশেষজ্ঞ জ্যোতি দত্ত, ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তি।

উল্লেখযোগ্য যে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন নৱ উদিত সমাজে জিলাখনত বৰ্তমানলৈকে ৬৮ খন বাল্য বিবাহ ৰোধ কৰাৰ লগতে ৩৮৩৫ গৰাকী মহিলাক আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছে। বহু যুৱক-যুৱতীক ড্ৰাগচ সেৱনৰ পৰা মুক্ত কৰাৰ লগতে শিশু-শ্ৰমিক ৰোধৰ বাবেও কাম কৰি আহিছে নৱ উদিত সমাজে।