NORTHEAST NOW (Assamese)
Popular Stories

স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা

July 22, 2019 9:01 am

ইটোৰ পিছত সিটো একেলেঠাৰিয়ে তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসক দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, বলীউডৰ তাৰকা, ক্ৰিকেটাৰ আদি সকলোৱে টুইটাৰৰ জৰিয়তে অভিনন্দন জনাইছে।

দৌৰ ৰাণী হিমা দাসক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২১ জুলাইত টুইটাৰ যোগে অসমীয়া ভাষাতে অভিনন্দন জনায়। টুইটাৰৰ জৰিয়তে হিমাই নিজৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০ চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

পিছত হিমা দাসেও টুইটাৰৰ জৰিয়তে ৰাষ্ট্ৰপতি গৰাকীয়ে জনোৱা এই অভিনন্দনৰ বাবে অসমীয়া ভাষাতে ধন্যবাদসূচক মন্তব্য আগবঢ়ায়।

একেদৰে দেশৰ প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দৌৰ ৰাণী হিমা দাসক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনগাত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন টেণ্ডুলকাৰেও হিমা দাসক ফোন যোগে শুভেচ্ছা জনোৱাৰ লগতে টুইটাৰ জৰিয়তেও শুভেচ্ছা জনায়।

তাৰোপৰি কিৰেণ ৰিজিজু , ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুকে ধৰি আৰু বিভিন্নজনে হিমাক অভিনন্দন জ্ঞাপন কৰে।