NORTHEAST NOW (Assamese)
অসম

তিনি বছৰ ধৰি বিদেশীৰ সন্দেহত উদ্বিগ্ন ‘ডি ভোটাৰ’ৰ মৃত্যু

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 23, 2019 8:34 am
Photo From Yeasin Ali, Bongaigaon 065751

চিৰাং জিলাৰ ডাঙাইগাঁৱত ‘ডি ভোটাৰ’ৰ আতংকত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। লোকজন ডাঙাইগাঁৱৰ ইমজ আলীৰ পুত্ৰ জামুৰুদ্দিন শ্বেইখ বুলি জানিব পৰা গৈছে।

যোৱা তিনি বছৰ পূৰ্বে লোকজনৰ বিৰুদ্ধে আহিছিল সন্দেহ যুক্ত নাগৰিকৰ জাননী। ইফালে জামুৰুদ্দিনৰ পিতৃ ইমজ আলীৰ নাম ১৯৬৬ চনৰ ভোটাৰ তালিকাত আছে। পিছে জামুৰুদ্দিনে ন্যায় লাভৰ বাবে যোৱা তিনি বছৰ ধৰি আদালতত গোচৰ চলাই আহিছিল।

আৰ্থিকভাৱে সৰ্বস্বান্ত হৈ পৰা জামুৰুদ্দিনে তিনি বছৰ পাছতো ন্যায় নোপোৱাত মানসিকভাৱে দুৰ্বল হৈ পৰিছিল। তীব্ৰ হতাশাত ভুগি বিগত কিছুদিনৰ পৰা লোকজনে খোৱা-বোৱা এৰি দিয়া বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। আৰু অৱশেষত ২২ জুলাই অৰ্থাৎ সোমবাৰে লোকজনে ইহলীলা সম্বৰণ কৰে।

ইফালে লোকজনৰ মৃত্যু সহজ ভাবে মানি লব পৰা নাই আমছুৱে। আমছুৰ দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ বিষয়ববীয়া লোকজনৰ ঘৰত উপস্থিত হৈ ইয়াৰ বাবে চৰকাৰ তথা প্ৰসাশনক জগৰীয়া কৰে। লগতে পৰিয়ালটোক ন্যায় দিবলৈ চৰকাৰক দাবী জনায়।