NORTHEAST NOW (Assamese)
অসম

নামনি অসমত বানৰ সন্ত্ৰাস : ভূটানৰ পানীয়ে ভাঙিলে মুছলপুৰ-সুজনঘাট সংযোগী পকী দলং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 1:03 pm

ভয়ংকৰ বনপানীৰ কবলৰ পৰা ৰাজ্যবাসী মুক্ত নৌহওঁতেই পুনৰ আন এক প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে নামনি অসম। ভূটানৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে বৰপেটা, নলবাৰী, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰীৰ বিভিন্ন অঞ্চল।

বহু অঞ্চলত কিছু পৰিমানে পানী হ্ৰাস পোৱাত বানাক্ৰান্ত লোকসকলে শিবিৰ এৰি ঘৰলৈ গৈছিল যদিও সেইবোৰ অঞ্চল পুনৰ পানীয়ে বুৰাই পেলোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

জানিব পৰা মতে ভূটানত হোৱা প্ৰৱল বৰষুণৰ বাবে কালদিয়া, পহুমাৰা, মৰাপাগলাদিয়া, পুঠিমাৰী, আই নদী, গংগাধৰ নৈ, দেওচুঙা, বৰনদী আদিৰ দৰে নদীৰ জলপৃষ্ঠ সোমবাৰৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। যাৰ ফলত ভঙা মথাউৰি সমূহেৰে পুনৰ পানী সোমাই নামনি অসমৰ প্ৰাই কেইখন জিলাই প্লাৱিত কৰিছে।

ইফালে ভূটানৰ পৰা নামি অহা পানীয়ে জিলা কেইখনৰ বিভিন্ন অঞ্চলৰ বাঁহ, কাঠৰ লগতে পকী দলঙো ভাঙি পেলাোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। তেনে এক ঘটনা সংঘটিত হৈছে বাক্সা জিলাত। জিলাখনৰ মুছলপুৰ-সুজনঘাট সংযোগী পকী দলংখন মঙলবাৰে পানীয়ে উটুৱাই নিয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

উল্লেখ্য যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰধীকৰণৰ তথ্য অনুসৰি মঙলবাৰলৈ ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাৰ সংখ্যা হৈছে ১৯খন। মুঠ ৬৮টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,৫২৩খন গাঁৱৰ ২৮,০১,৩২৯ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

ইফালে একাংশ লোকৰ অভিযোগ অনুসৰি ভূটানে পানী এৰি দিয়াৰ ফলত এনেদৰে পুনৰ এবাৰ বানৰ কৱলত পৰিছে নামনি অসমৰ বিভিন্ন অঞ্চল।