NORTHEAST NOW (Assamese)
Popular Stories

কৰিমগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোক নিহত; ৩০ জন আহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 5:15 pm

কৰিমগঞ্জত আজি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৩ জন লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে ৩০ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিৱৰণি মতে শিলচৰৰ পৰা কৰিমগঞ্জলৈ আহি থকা এছ ১১ বি চি ২৫৫৭ আৰু এ এছ ০১ চি ৪১৪৯ নম্বৰৰ দুখন ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত দুয়োখন যাত্ৰীবাহী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত সোমায়গৈ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰে। আহত সকলোকে তাৎক্ষণিকভাৱে শ্ৰীগৌৰী হস্পিতাল আৰু কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সংঘটিত দুৰ্ঘটনাত নিহত কেইজনৰ পৰিচয় বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই লগতে নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীত কৰিমগঞ্জৰ পৰিবহণ বিভাগৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰিছে।