NORTHEAST NOW (Assamese)
অসম

নগাঁও-কাৰ্বিআংলং সীমান্তত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 24, 2019 7:39 pm
IMG-20190724-WA0008

নগাঁও আৰু কাৰ্বিআংলং সীমান্তৱৰ্তী জীয়াজুৰি চাহ বাগিছাৰ সমীপৰ পাহাৰত বুধবাৰে ৰাতিপুৱা এটা বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

কিছুদিনৰ পূৰ্বে পাহাৰৰ পৰা নামি অহাৰ পথত বৃহৎকায় হাতীটো আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।

আনহাতে, চোৰাং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলটোত কেইবাদিন পূৰ্বে মৃত্যু হোৱা হাতীটো সন্দৰ্ভত অতি দুৰ্ভাগ্যজনক ভাৱে কোনোধৰণৰ তথ্য নাছিল ৰাজ্যৰ বন বিভাগৰ হাতত।

স্থানীয় ৰাইজে আজি ৰাতিপুৱা ছয়টা মান বজাত মৃত বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰি নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিভাগৰ লোকক খবৰ দিছিল।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ ঠিক পিছতেই ততাতৈয়াকৈ পশু চিকিৎসকৰ দ্বাৰা বনৰীয়া হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাই সেই স্থানতে সমাধিস্থ কৰি দায়িত্ব সামৰে বন বিভাগে।

তদুপৰি, মৃত হাতীটোৰ দাঁত সৰু অৱস্থাতে আছিল যদিও অক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। এতিয়ালৈ বনৰীয়া হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা নাই বন বিভাগৰ লোকে।