NORTHEAST NOW (Assamese)
অসম

সাৱধান! আজি ৩.৩০ বজাত পুনৰ এৰা হ’ব ভূটানৰ কুৰিশ্বু বান্ধৰ পানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2019 2:19 pm

ৰাজ্যত বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ’বলৈ আৰম্ভ কৰাৰ সময়তে ভূটানৰ পৰা নামি অহা পানীয়ে পুনৰ নামনি অসমৰ বৰপেটা, নলবাৰী, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰীৰ বিভিন্ন অঞ্চল বুৰাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

দ্ৰুক গ্ৰীণ পাৱাৰ কৰ্প’ৰেচনৰ জাননী

উল্লেখযোগ্য যে ভূটানৰ দ্ৰুক গ্ৰীণ পাৱাৰ কৰ্প’ৰেচনে বুধবাৰে নিশাৰ পৰা কুৰিশ্বু বান্ধৰ পানী এৰি দিব বুলি ইতিমধ্যে জাননী জাৰি কৰিছিল। ইয়াৰ পিছৰ পৰা নামনি অসমৰ ৰাইজ আতংকিত হৈ পৰিছে।

দ্ৰুক গ্ৰীণ পাৱাৰ কৰ্প’ৰেচনৰ জাননী অনসুৰি আজি আৱেলি ৩.৩০ বজাত পুনৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়া হ’ব।

 

জানিব পৰা মতে ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনৰ ফালৰ পৰা ৰে’ড এলাৰ্ট জাৰি কৰা হৈছে। নৈপৰীয়া আৰু দ ঠাইৰ লোকসকলক নথিপত্ৰ, জীৱ-জন্তু আদি লৈ ওখ স্থানত আশ্ৰয় ল’বলৈ প্ৰশাসনে আহ্বান জনাইছে।

নামনি অসমৰ প্ৰায়সমূহ নদী যেনে আই, মানাহ, পাগলাদিয়া, মৰাপাগলাদিয়া, বেকী, কালদিয়া আদিৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ ন ন অঞ্চল বুৰাই পেলাইছে।