NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ পাৱৈত বিদ্যুৎ পৰিবাহী ছিগা তাঁৰত লাগি এজন লোকৰ কৰুণ মৃত্যু

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 26, 2019 9:20 am
46286

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈত বৃহস্পতিবাৰে নিচেই পুৱাতে দিন হাজিৰা কৰা এজন লোকে বিদ্যুৎপৰিবাহী ছিগা তাঁৰত লাগি কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

জানিব পৰামতে, তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ গাওঁ‌ পঞ্চায়তৰ দহ নম্বৰ ৱাৰ্ডৰ নিবাসী অষ্ট বাহাদুৰ লামা (৫৫) নামৰ লোক জনে ব্যক্তিগত চাহ বাগিচাত দিন হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যাওঁতেই ২২০ ভল্টৰ ছিগি থকা তাঁৰত লাগি মৃত্যুমুখত পৰে।

উক্ত তাঁ‌ৰ ডাল লামাৰ ঘৰৰ আগফালে ছিগি পৰি থকা দেখা পাই আঁ‌তৰাই দিয়াৰ উদ্দেশ্যে হাতেৰে ধৰোঁতেই তাঁ‌ৰত লাগি কৰুণভাবে মৃত্যুক আঁকোঁ‌ৱালি ল’ব লগা হয় অষ্ট বাহাদুৰ লামাই ৷ ডিগবৈ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে।

ইপিনে, স্থানীয়লোকে দুখীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।