NORTHEAST NOW (Assamese)
অসম

কোনো ভাৰতীয় ক্ৰিকেটাৰে পিন্ধিব নোৱাৰিব জাৰ্চি নম্বৰ ৭; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2019 11:52 am
Dhoni-7

ভাৰতীয় ক্ৰিকেট দলৰ নীলা ৰঙৰ জাৰ্চিৰ পিচপিনে থকা ৭ নম্বৰটো ইতিহাস হোৱাৰ পথত। যিদৰে শচীন তেণ্ডুলকাৰৰ ১০ নম্বৰৰ জাৰ্চিটো কোনো খেলুৱৈকে পৰিধান কৰিবলৈ দিয়া নহয় হয়তো আৰু কেইটামান দিনৰ পাছত ৭ নম্বৰৰ জাৰ্চিৰ সৈতেও কোনো ভাৰতীয় খেলুৱৈকে ক্ৰিকেট খেলা দেখা পোৱা নাযাব।

আই চি চিৰ নতুন নিয়ম অনুসৰি আগন্তুক এছেজ শৃংখলাৰ পৰা টেষ্ট ক্ৰিকেটতো নাম আৰু নম্বৰ সম্বলিত জাৰ্চি প্ৰথা আৰম্ভ হ’ব। সেয়ে ভাৰতীয় ক্ৰিকেটাৰ সকলে এদিনীয়া আৰু টি-২০ত পৰিধান কৰা নম্বৰৰ সৈতে টেষ্ট ক্ৰিকটৰো জাৰ্চি পৰিধান কৰিব বুলি জানিব পৰা গৈছে।

কথা হ’ল এদিনীয়া আৰু টি-২০ত ৭ নম্বৰ নীলা ৰঙৰ জাৰ্চিৰ সৈতে এতিয়াও খেলপথাৰত দেখা যায় ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক। কিন্তু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ধোনীৰ ৭ নম্বৰ জাৰ্চিটোক লৈ চলিছে ব্যাপক চৰ্চা।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুনকৈ খোজ পেলোৱা কোনোবাই টেষ্ট ক্ৰিকেটত ৭ নম্বৰ জাৰ্চিটো পৰিধান কৰাৰ ইচ্ছা প্ৰকাশ কৰিব নেকি আদি প্ৰশ্নবোৰ উত্থাপন হোৱাৰ সময়তে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। ধোনীয়ে ভাৰতীয় ক্ৰিকেটত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে ব’ৰ্ডে কোনো ভাৰতীয় খেলুৱৈকে পিন্ধিব নিদিয়ে ৭ নম্বৰৰ জাৰ্চি।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেটত জাৰ্চি সংৰক্ষণৰ প্ৰথা এয়া প্ৰথম নহয়। ‘ক্ৰিকেটৰ ভগৱান’ ৰূপে পৰিচিত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্চিটোও এক বিতৰ্কৰ পাছত সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল।