NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ অকৰ্মণ্যতাক ধিক্কাৰ : শদিয়াত জব্দকৃত বৃহৎপৰিমাণৰ খয়ৰ কাঠ লৈ পলাল বন মাফিয়া

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ July 28, 2019 1:09 pm
IMG-20190727-WA0008

তিনিচুকীয়া জিলাৰ শদিয়াত শনিবাৰে পুৱাই বৃহৎ পৰিমাণৰ খয়ৰ কাঠ জব্দ কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিলে যদিও সন্ধিয়াৰ ভাগত বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে জব্দকৃত বৃহৎ পৰিমাণৰ খয়ৰ কাঠ লৈ পলাবলৈ সক্ষম হয় বন মাফিয়া চক্ৰটো।

প্ৰাপ্ত তথ্য অনুসৰি শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙয়াই এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে চোৰাং খয়ৰ কাঠ জব্দ কৰিবলৈ  শদিয়াৰ বছাগাঁও কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত উপস্থিত হয় আৰু মেচিন নাওসহ প্ৰায় ২০ লক্ষাধিক টকাৰ  চোৰাং খয়ৰ কাঠখিনি জব্দ কৰে।

চোৰাং চক্ৰটোৱে অসম-অৰুণাচল সীমান্তৱৰ্তী অম্বিকাপুৰৰ পৰা ধলালৈ  মূল্যৱান কাঠ সমূহ সৰবৰাহ কৰিবলৈ যা -যোগাৰ কৰি থাকোঁতে বন বিভাগ গৈ উপস্থিত হৈ কাঠসমূহ জব্দ কৰি কিছু সংখ্যক কাঠ মেচিন নাওৰ পৰা নমাই নদীৰ পাৰত ৰাখি তদন্ত অব্যাহত ৰাখিছিল।

পিচে, সেইসময়তে বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নাওচালকে বন বিভাগৰ চকুৰ আগতে নাওৰ লংগৰত লগাই থোৱা ৰচী কাটি চোৰাং কাঠসহ পলাই যাবলৈ সক্ষম হয়।

ইপিনে, বন বিভাগে বৰ্তমানলৈকে তেওঁলোকে পলাই যোৱা নাওখন কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে নাওখনৰ কোনো সন্ধান পোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সকলে সমগ্ৰ ঘটনাত জড়িত চোৰাং খয়ৰ মাফিয়া চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনোৱাৰ লগতে বন বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ দিয়ে।

এটা বিয়াগোম বন বিভাগৰ চকুৰ আগতে কেনেদৰে বন মাফিয়াই জব্দ কৰা কাঠসমূহ লৈ পলাবলৈ সক্ষম হ’ল তাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। এইক্ষেত্ৰত শদিয়া বনাঞ্চলিক বিষয়াৰ বিবিধ দিহিঙয়াৰে খয়ৰ মাফিয়া চক্ৰটোৰ গোপন বুজা বুজিৰো সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে।

এক গোপন সূত্ৰৰ তথ্য অনুসৰি অৰুণাচলৰ তেজু আৰু চুনপোৰা বনাঞ্চল নিঃশেষ কৰি এইসকল বনদস্যুৱে অবৈধ ব্যৱসায় চলাইছে যদিও এই ক্ষেত্ৰত অৰুণাচল চৰকাৰে নীৰৱ ভূমিকাৰে এক ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে এই অবৈধ চোৰাং কাঠ সৰবৰাহ চক্ৰটোৱে বিভিন্ন সময়ত শদিয়াৰ মাজেৰে এনেদৰে অবাধ হাৰত অসম আৰু অৰুণাচলৰ বন ধ্বংস কৰি  দেশৰ বিভিন্ন প্ৰান্তলৈ চোৰাং খয়ৰ কাঠ সৰবৰাহ কৰি আহিছে।

আনহাতে, জব্দকৃত বৃহৎ পৰিমাণৰ খয়ৰ কাঠ বন বিভাগৰ চকুত ধুলি দি বন মাফিয়া চক্ৰটো পলাবলৈ সক্ষম হোৱা সমগ্ৰ ঘটনাৰ এক উচ্চপৰ্য্যায়ৰ তদন্তৰ দাবী উত্থাপিত হৈছে।