NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ আনিলে বক্সাৰ যমুনা বড়োৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2019 9:32 pm
Assam Boxer Jamuna Bodo

ইণ্ডোনেছিয়াত চলি থকা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰা যমুনাই দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত ইটালীৰ জিউলিয়া লামাগনাক পৰাস্ত কৰি সোণৰ পদক দখল কৰে।

৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মেচখনত বিপক্ষৰ বক্সাৰ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।

আনহাতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ধাৰাবাহিকতাৰে সফলতা অৰ্জন কৰা যমুনা বড়োৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে তেওঁৰ জন্মস্থান ঢেকিয়াজুলিত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে।