NORTHEAST NOW (Assamese)
অসম

আৰক্ষী থানাৰ নিচেই কাষৰ পৰা স্কৰপিঅ’ বাহন চুৰি; আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 29, 2019 7:47 am
Screenshot_20190728_185112

তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ পৰা প্ৰায় সত্তৰ মিটাৰ নিলগৰ পৰা দুৰ্বৃত্তই এখন নতুন স্কৰপিঅ’ গাড়ী চুৰি কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীৰ স্থিতিক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰনা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি তালাপ খোৱাং চাহ বাগিচাৰ পৰিচালক ৰাজু গগৈয়ে পৰিয়ালসহ তেওঁৰ এ এচ ০৬ এক্স ২৫২৩ নম্বৰৰ স্কৰপিঅ’খনেৰে যোৱা শনিবাৰে কাকপথাৰ থানাৰ সমীপৱৰ্তী শহুৰেক শিক্ষক প্ৰয়াত পুতুল গগৈৰ ঘৰলৈ আহিছিল আৰু নিশা গাড়ীখন ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তথা ঘৰৰ পদুলিমুখত থৈছিল। কিন্তু দেওবাৰে পুৱা বাহনখন নিৰ্দিষ্ট স্থানত দেখা নাপাই পৰিয়ালটোৰ মাজত হুৱা-দুৱা লাগে আৰু ঘটনা সম্পৰ্কে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এই সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও গাড়ীখনৰ শুং সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে আৰক্ষী থানাৰ পৰা নাতিদূৰৈত ৰাখি থোৱা বাহনখন চোৰে কেনেকৈ নিবলৈ পালে তাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত চলিছে ব্যাপক চৰ্চা। তদুপৰি একাংশই এনেধৰণৰ চুৰি কাৰ্যত আৰক্ষীৰ লোকো জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।