NORTHEAST NOW (Assamese)
অসম

বিয়া খাবলৈ আহি মানাহ নদীত সলিল সমাধি ঘটিল মেধাবী ছাত্ৰীৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 29, 2019 12:13 pm

দেওবাৰে বঙাইগাঁও জিলাৰ মানাহ নদীৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ছাদিয়া বেগম নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰীয়ে। কিশোৰী গৰাকী মৰিগাঁও জিলাৰ জাগিৰোডস্থিত ছহিদ লক্ষি ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা জালাল উদ্দিনৰ কন্যা ছাদিয়া বেগম।

জানিব পৰা মতে কিশোৰী গৰাকী পৰিয়ালৰ সৈতে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কোশ্বামাৰী গাঁৱলৈ বিয়া খাবলৈ আহিছিল। আৰু ইয়াত থকা মানাহ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে ফুলকুমলীয়া ছাত্রী গৰাকীৰ।

দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত দিনৰ ৩ টা মান বজাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত নখোলা গ্ৰান্টৰ জালাল উদ্দিন আৰু হনুফা খাতুনৰ একমাত্র কন্যা ছাদিয়া বেগমে এইদৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পৰিয়ালৰ লোকসকল শোকস্তব্ধ হৈ পৰিছে।