NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ঈশাৰণী বৰুৱাৰ খিতাপ অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2019 8:21 pm
Pranav-750x365

মণিপুৰ বেডমিণ্টন সংস্থাৰ উদ্যোগত আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ সহযোগত মণিপুৰত ২১ জুলাইৰ পৰা আৰম্ভ হোৱা য়’নেক্স চানৰাইজ অল ইণ্ডিয়া চাব-জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ঈশাৰাণী বৰুৱাই ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ শাখাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনৰ ফাইনেলত ঈষাৰণীয়ে কৰ্ণাটকৰ কৃতি ভৰদ্বাজক ২১-১৫, ৮-২১, ২১-১৫ ব্যাৱধানত পৰাস্ত কৰি শেষ হাঁহি মাৰে।

প্ৰতিযোগিতাখনত খিতাপ অৰ্জন কৰি অসমৰ প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে ইণ্ডোনেচিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভৰ সম্ভাৱনা বৃদ্ধি কৰে।

আনহাতে, প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধৰ মিক্স ডাবলছ শাখাত গুজৰাটৰ তাছনিম মীৰৰ সৈতে যুটি বন্ধা অসমৰ আয়ান ৰচিদে দিল্লীৰ অদ্ভিট ভাৰ্গৱ আৰু নভদা মাংগলামক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।

একেখন প্ৰতিযোগিতাৰে ১৫ বছৰ অনুৰ্ধৰ শাখাত তেলেংগানাৰ শ্বত্তিক ৰেড্ডী কে আৰু ওড়িশাৰ শ্বেতাপৰ্না পাণ্ডাই বিজয়ী হয়।

ল’ৰাৰ আৰু ছোৱালীৰ ১৫ বছৰ অনুৰ্ধ শাখাত ক্ৰমে হাৰিয়ানাৰ ৰাঘৱ আৰু মহাৰাষ্ট্ৰৰ তেৰা শ্বাহে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

তদুপৰি, ল’ৰাৰ ১৫ বছৰ অনুৰ্ধৰ ডাবলছ শাখাত অসমৰ আন এগৰাকী খেলুৱৈ তন্ময় বিকাশ বৰুৱাই ফাইনেলত পৰাস্ত হয়। তন্ময়ে পঞ্জাৱৰ লক্ষ্য শৰ্মাৰ সৈতে যুটি বান্ধিছিল।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনৰ কোৱালিফায়িং শাখাত মুঠ ১৬৭৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ পৰা মণিপুৰত অনুষ্ঠিত হোৱা আৰু গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনলৈ প্ৰতিযোগীসকলক নিৰ্বাচিত কৰা হয়।