NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলিনাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2019 7:20 pm
Lovlina Bargohain

ভাৰতৰ ২১ বৰ্ষীয় প্ৰতিভাৱান মহিলা বক্সাৰ তথা অসম সন্তান লাভলিনা বৰগোহাঁয়ে ৰাছিয়াত চলি থকা ‘মাগোমেদ চালাম উমাখানোভ মেম’ৰিয়েল আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা’ৰ ৬৯ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ আনাষ্টাচিয়া চিগেভাক ৫-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰে।

ছেমিফাইনেলত লাভলিনাই বেলাৰুচৰ শক্তিশালী প্ৰতিদ্বন্দী এলিনা ভেবেৰৰ মুখামুখি হ’ব।

লাভলিনাই ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ভিয়েটনামত ২০১৭ চনত অনুষ্ঠিত হোৱা এচিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

তদুপৰি, প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৮ চনত মংগোলিয়াত অনুষ্ঠিত হোৱা উলানবাটাৰ কাপ আৰু পোলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান চেম্পিয়নশ্চিপত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক দখল কৰবলৈ সক্ষম হৈছিল।

লাভলিনাই ২০১৮ চনৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই বি এ মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰে।

অসমৰ খেলুৱৈগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় বক্সিং জগতত উত্থানে ৰাজ্যবাসীলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে।