NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীতে ৰবট খাদ্য পৰিচাৰিকা! অসমীয়া সাজত ৰাইজৰ সেৱালৈ সুন্দৰী “পাল্কী”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 1, 2019 8:37 pm
Guwahati restaurant robot: Starts Robot service

গুৱাহাটীতে এইবাৰ আৰম্ভ হৈছে ৰবটৰদ্বাৰা খাদ্য পৰিৱেশন। মহানগৰীৰ উৰুকা ৰেষ্টুৰেণ্টে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে এই অসম বাদ ভাৰততে উচ্চাকাংক্ষীৰূপে বিবেচিত হ’ব পৰা এই সেৱা।

ৰেষ্টুৰেণ্টখনত এতিয়া পৰিচাৰিকা হিচাপে এজনী যন্ত্ৰমানৱ বা ৰবট।

সত্ৰীয়া সাজত পৰিচাৰিকা “পাল্কী”এ আপোনাক যোগান ধৰিব সকলো খাদ্য।

ৰেষ্টোঁৰাখনৰ মালিক এচ এন ফৰিদে নিজে সাজি উলিয়াইছে পাল্কীক।

অকল পাল্কীয়ে নহয়, নিৰ্মীয়মান অৱস্থাত আছে আৰু তিনিজনী ৰবট।

সেই ৰবটসমূহেও পৰম্পৰাগত অসমীয়া সাজ পৰিধান কৰিব, জনায় ফৰিদে।

তেওঁ লগতে জনাই যে, একোজনী ৰবট নিৰ্মাণত তেওঁৰ দুই লাখ টকা খৰচ হৈছে।

সম্পূৰ্ণ থলুৱা অসমীয়া খাদ্য সম্ভাৰ আৰু একমাত্ৰ মহিলা পৰিচাৰিকাসমৃদ্ধ মহানগৰীৰ শিলপুখুৰীস্থিত উৰুকা ৰেষ্টুৰেণ্টে বিগত দুবছৰ ধৰি গ্ৰাহকক সন্তুষ্ট কৰি আহিছে।

থলুৱা জলপান পৰিৱেশন কৰিও তেওঁলোকে গ্ৰাহকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে।