NORTHEAST NOW (Assamese)
অসম

শেহতীয়া বানে প্ৰাণ ল’লে কাজিৰঙাৰ ২২০টা বন্যপ্ৰাণীৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 2, 2019 9:19 am
Flood Kaziranga

শেহতীয়া বানে ধুৱাই থৈ গ’ল বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। জিপাল কৰি গ’ল বিশ্বৰ অন্যতম প্লাৱিত উপত্যকাৰ জৈৱতন্ত্ৰক। কাজিৰঙাৰ জৈৱতন্ত্ৰক বানপানীয়ে প্ৰদান কৰে এক গতিশীলতা।

এইবাৰৰ বানত কাজিৰঙাৰ আন্তঃগাঁথনি কিছু পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু ইয়াৰ বিপৰীতে বিগত বছৰ সমূহৰ তুলনাত এইবাৰ বন্যপ্ৰাণীৰ ক্ষতিৰ সংখ্যা কমিছে।

বিভাগীয় তথ্য অনুসৰি এইবাৰৰ বানপানীত এই পৰ্যন্ত মুঠ ২২০টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে ১৮৭টা পানীত ডুবি, ৩৭নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ গৈ গাড়ীৰ খুন্দাত মৃত্যু হৈছে ১৭টা আৰু অন্যান্য কাৰণত ১১টা প্ৰাণী মৃত্যুমুখত পৰিছে।

পানীত ডুবি মৃত্যু হোৱা ১৮৭টা প্ৰাণীৰ ভিতৰত ১২০টা ছাগলী পহু আৰু ১৯টা গঁড় আছিল। ইফালে কাৰ্বি পাহাৰলৈ আশ্ৰয় বিচাৰি যোৱা এজনী গঁড় পাহাৰ পৰা পৰি শোকাবহভাৱে মৃত্যুবৰণ কৰিব লগা হৈছিল।

মন কৰিব লগীয়া যে বানপানীৰ সময়ত ৭০টা বন্যপ্ৰাণী কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল। ইয়াৰ ভিতৰৰ ৫টা পহু চিকিৎসাধীন অৱস্থাতে মৃত্য হোৱাৰ বিপৰীতে ৬১টা প্ৰাণীক চিকিৎসা প্ৰদান কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়।

সম্প্ৰতি বানপানীত মাতৃহাৰা হোৱা ৪টা গঁড় পোৱালিক কেন্দ্ৰটোত প্ৰতিপালন কৰি ৰখা হৈছে।

উল্লেখ্য যে পূৰ্বৰ তুলনাত এইবাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৩৩টা হাইলেণ্ড নিৰ্মাণ কৰিছিল যদিও এই হাইলেণ্ড বোৰত কিমান বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছিল সেয়া বিচাৰ্যৰ বিষয়। গঁড়, ম’হ, পহুৰ বাহিৰে অন্য প্ৰাণীয়ে হাইলেণ্ড সমূহত আশ্ৰয় লোৱা পৰিলক্ষিত নহ’ল।