NORTHEAST NOW (Assamese)
Popular Stories

কোকৰাঝাৰ মহিলা ফুটবল প্ৰতিযোগিতাঃ প্ৰথম দিনা বিজয়ী কোকৰাঝাৰ ক্ৰাশ্বাৰ্ছ আৰু ঝাৰবাৰী জেগুৱাৰ্ছ

Posted by: ৰিনয় বসুমতাৰী January 28, 2018 5:42 pm
Kokrajhar Women's Football

বহুসংখ্যক দৰ্শকৰ উপস্থিতিত আজি পুৱা কোকৰাঝাৰত আৰম্ভ হৈছে কোকৰাঝাৰ মহিলা ফুটবল প্ৰতিযোগিতা।

আজি প্ৰথম দিনৰ খেলত কোকৰাঝাৰ ক্ৰাশ্বাৰ্ছে গোঁসাইগাওঁ গানছক ২-১ আৰু ঝাৰবাৰী জেগুৱাৰ্ছে বাচবাৰী বমাৰ্ছক ৯-০ গ’লত পৰাজিত কৰে।

ভাৰতীয় সেনাৰ ৰেদহৰ্ন ডিৱিজনে সদ্ভাৱনা উদ্যোগৰ অংশ হিচাপে এই মহিলা ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছে।

৮ দিনীয়া এই প্ৰতিযোগিতা খনৰ চূড়ান্ত খেলখন ৪ ফেব্ৰুৱাৰিত কোকৰাঝাৰত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতা খনত কোকৰাঝাৰ জিলাৰ গোঁসাইগাওঁ, কোকৰাঝাৰ আৰু পৰ্বতজোৰা মহকুমাৰ মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিছে।

এইবাৰৰ বিজয়ী দলটো বছেৰেকীয়া প্ৰতিযোগিতা হিচাপে আয়োজন কৰাৰ পৰিকল্পনা কৰা এই প্ৰতিযোগিতা খনৰ প্ৰথম বিজয়ী দল হ’ব।

ছোৱালী বিলাকক খেলাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে আৰু তেওঁলোকৰ শাৰিৰীক সক্ষমতা, সতীৰ্থসুলভতা আৰু প্ৰতিযোগিতামূলক মনোভাব বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতা খনে মহিলা ফুটবলক প্ৰয়োজনীয় গতি প্ৰদান কৰাত সক্ষম হ’ব বুলি আশা কৰা হৈছে।