NORTHEAST NOW (Assamese)
অসম

গ্ৰীষ্ম বন্ধ খুলিল কিন্তু এতিয়াও পানীৰ তলত লখিমপুৰৰ প্ৰায় ৫০ খন বিদ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 7:05 am
6-1-750x375

চলিত বৰ্ষৰ বানপানীয়ে লখিমপুৰ জিলাৰ মুঠ ১৭৫ বিদ্যালয় ক্ষতিগ্ৰস্ত কৰিছে। ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহৰ ভিতৰত ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন উচ্চ মাধ্যমিক বিদ্যালয়।

গ্ৰীষ্মবন্ধৰ সময়ত বানপানীয়ে বিদ্যালয়সমূহ ক্ষতিগ্ৰস্ত কৰে যদিও এতিয়াও পঞ্চাশখনতকৈ অধিক বিদ্যালয় বানপানীৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই বুলি খবৰ লাভ কৰা হৈছে।

১ আগষ্টত গ্ৰীষ্মবন্ধ খোলাৰ পাছত যদিও বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হয় কিন্তু বিদ্যালয়ৰ মজিয়া, ডেক্স-বেঞ্চ আদি পানীৰ তলত থাকিবলগীয়া হোৱা বাবে শ্ৰেণী বাতিল কৰিবলগীয়া হয়।

নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত লোহিত-খাবলো অঞ্চলৰ ২২ খন বিদ্যালয়ৰ শ্ৰেণীসমূহ বৃহস্পতিবাৰে বাতিল কৰা হয়।

আনহাতে, বৰছলা আৰু ৰঙানদী অঞ্চলৰ ২৮ খন বিদ্যালয়ৰ শ্ৰেণীসমূহো বানপানীৰ বাবে বিদ্যালয়ৰ কদৰ্য অৱস্থা হৈ থকা কাৰণে বাতিল কৰা হয়।

ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ত বহু কষ্ট কৰি শিক্ষক আৰু শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত বিদ্যালয়বোৰ জলমগ্ন হৈ থকা দেখা পায়।

চাম্পোৰা জয়া মধ্য ইংৰাজী বিদ্যালয়, চাম্পোৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কঠালগুৰি প্ৰাথমিক বিদ্যালয় এতিয়াও পানীৰ তলতে আছে।