NORTHEAST NOW (Assamese)
অসম

“যন্ত্ৰণাহীন আত্মহত্যা”ৰ উপায় দি সমালোচিত বাংলা লেখিকা তচলিমা নাচৰিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 4:06 pm
Taslima Nasreen slammed online for her Tweets on easy suicide

“যন্ত্ৰণাহীন আত্মহত্যা”ৰ উপায় দি টুইটাৰত সমালোচিত হৈছে বাংলা লেখিকা তচলিমা নাচৰিন।

ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ লেখিকাগৰাকীয়ে মৃত্যুৰ বিভিন্ন যন্ত্ৰণাহীন উপায় দাঙি ধৰি এলানি টুইট কৰিছিল।

মৰ্ফিনৰ এটা মৃত্যু-পৰ্য্যাপ্ত ড’জ লওক আৰু শান্তিত মৰক,প্ৰথমটো টুইটত নাছৰিনৰ দিহা।

“আত্মহত্যাৰ সহজ উপায়” উৎসাহ যোগাবলগীয়া কথা নহয় বুলি এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিয়াত, নাছৰিনৰ উত্তৰ, “প্ৰতিদিনাই মানুহে আত্মহত্যা কৰি আছে। মাত্ৰ দুদিন আগতে চাফে কফ্ফি দেৰ মালিকে দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে। ইমান যন্ত্ৰণাদায়ক মৰণ!”

ইচ্ছামৃত্যু সমৰ্থন কৰা বুলি ব্যক্ত কৰি নাচৰিনে আন এটা টুইটো কৰে।

নাছৰিনে পুনৰ স্পষ্ট কৰি দিয়ে যে তেওঁ কাকো মৰিবলৈ উৎসাহিত কৰা নাই, অৱশ্যে কয় যে যিসকলে আত্মহত্যাৰ সিদ্ধান্ত লৈছে তেওঁলোকে ইয়াক শান্তিপূৰ্ণ পথেৰে সম্পন্ন কৰা উচিত।

ই এটা ধনাত্মক টুইট,আন এটা টুইটত তেওঁ কয়।

লেখিকা গৰাকীক পিছত আন একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়েও সমালোচনা কৰা দেখা যায়।

তেওঁ অসংবেদনশীল, অজ্ঞ আৰু তেওঁৰ টুইটটো অ-সহায়ক বুলি অভিহিত হয়।