NORTHEAST NOW (Assamese)
অসম

সাংবাদিক অৰ্ণৱ গোস্বামীৰ বাসগৃহৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 3, 2019 5:05 pm
Juiiiii

মহানগৰীৰ লালগণেশত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক, সাংবাদিক অৰ্ণৱ গোস্বামীৰ বাসগৃহৰ চৌহদত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

ইলেক্ট্ৰিকেলৰ সামগ্ৰী বিক্ৰী কৰা উক্ত প্ৰতিষ্ঠানৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

পুৱা প্ৰায় ১০ মান বজাত সংঘটিত হৈছে এই অগ্নি কাণ্ডৰ ঘটনা। জুইত লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ গৈছে।

ঘটনাস্থলীত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ প্ৰায় ১ ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।

লালগণেশৰ ভৰালী পেট্ৰ’ল পাম্পৰ সমীপতে আছিল উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখন।

পেট্ৰ’ল পাম্পলৈ জুই বিয়পিব বুলি আশংকা কৰি আৰক্ষীয়ে হাইড্ৰ’জেন গেছ নিক্ষেপ কৰিছিল।

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ইলেকট্ৰনিক্সৰ দোকানখনৰ মালিকৰ নাম জানিব পৰা হোৱা নাই যদিও জানিব সাংবাদিক অৰ্ণৱ গোস্বামীৰ মাটিতে থকা দোকানখন ব্যৱসায়ীজনে ভাড়ালৈ লৈছিল।