NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক “পেলনীয়া কাগজ” বোলা তৰুণ গগৈয়ে ইয়াৰ শুদ্ধতাক লৈ পুনৰ সন্দেহ প্ৰকাশ কৰিলে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 3, 2019 8:35 pm
Tarun Gogoi press conference Kashmir issue: Former Assam CM Gogoi says, Centre's decision "autocratic, anti-democracy and historical blunder''

অহা ৩১ আগষ্টত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ কেতিয়াও শুদ্ধ নহয়। এই মত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

“আগতেও কৈছো এইখন পেলনীয়া কাগজ হ’ব। মোৰ সন্দেহ কমা নাই, বৰং এতিয়া সন্দেহ আৰু বাঢ়িছেহে। এইখন ভুল এন আৰ চি হ’ব। এই এন আৰ চিয়ে সমস্যাৰ সমাধান কৰাতকৈ সমস্যাৰ সৃষ্টিহে কৰিব”, ৩ আগষ্টত মিনিষ্টাৰ্ছ কলনিত দিয়া এখন সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ।

গগৈৰ এই মন্তব্যই বিজেপিৰ নেতাসকলে এন আৰ চি সম্পৰ্কে কৰা শেহতীয়া সমালোচনাত্মক মন্তব্যবোৰক অধিক সাৰ-পানী যোগোৱাৰ সম্ভাৱনা আছে।

এন আৰ চিৰ ওপৰত গগৈৰ সন্দেহ আৰু বিজেপিৰ নেতাসকলৰ “অগ্ৰাহ্য”ৰ মাজৰ মৌলিক পাৰ্থক্যটো হ’ল- গগৈয়ে ভুল-ত্ৰুটি ৰৈ যোৱা আৰু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ শংকা প্ৰকাশ কৰাৰ বিপৰীতে বিজেপিৰ নেতাসকলে ইয়াত মুছলমান বাংলাদেশীৰ নাম সোমোৱা বুলি দাবী কৰি আহিছে।

“বহু অসাৱধানতাৰে এন আৰ চিৰ কাম কৰিছে” বুলি দাবী কৰা গগৈৰ মতে, চূড়ান্ত এন আৰ চিৰ পৰা বহু ভাৰতীয়ৰ নাম বাদ পৰিব।

“তাৰে বেছিভাগ হিন্দু বাঙালী। কিন্তু চাহ শ্ৰমিক লোক আৰু মুছলমান লোকৰো নাম বাদ পৰিব”, গগৈৰ মন্তব্য।

ইপিনে, চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকা প্ৰকাশলৈ মাজত মাথো কেইটামান দিন থকাৰ পাছতো অমিত শ্বাহ কেন্দ্ৰীয় গৃহ মন্ত্ৰী হৈয়ো ৰাজ্য চৰকাৰৰ সৈতে কোনো আলোচনাত মিলিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

গগৈয়ে কয়, “অমিত শ্বাহ এতিয়া নিমাত কিয়? ইমান এক ছিৰিয়াছ ইচ্ছ্যু হোৱাৰ পাছতো তেওঁ এই বিষয় লৈ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰা দেখা নাই। বিজেপিয়ে বিদেশী সমস্যাৰ সমাধান কৰিব বিচৰা নাই বুলি সন্দেহ হৈছে।”

যোৱা কেইদিন মানৰ ভিতৰত বিজেপিৰ কেইবাজনো নেতাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক সমালোচনা কৰা প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে কয়, “যদি হাজেলাই কামবোৰ সূচাৰুৰূপে কৰা নাই, তেন্তে এই কথাবোৰ উচ্চতম ন্যায়ালয়ক অৱগত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ।”

“হাজেলা সাংবিধানিক কৰ্তৃপক্ষ (কনষ্টিটিউশ্যনেল অথ’ৰিটি)ৰ মানুহ নহয়, তেওঁ এজন বিষয়াহে। তেওঁৰ কামত যদি ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ অসন্তুষ্ট হৈছে, তেন্তে তেওঁক বদলি কৰিব পাৰে”, সংবাদমেলত গগৈয়ে এইদৰে কয়।

বিজেপিৰ নিৰ্বাচনৰ মূল শ্ল’গান বিদেশীমুক্ত অসমৰ কথা উনুকিয়াই গগৈৰ প্ৰধান মন্ত্ৰীলৈ প্ৰশ্ন “তেওঁলোকে কিমান বিদেশী খেদিলে?”

আনহাতে, কালি এখন সংবাদমেল দি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৰাজ্য চৰকাৰে কিছুমান স্পৰ্শকাতৰ তথ্য ফাদিল কৰা বুলি যি অভিযোগ আনিছিল, সেই সম্পৰ্কত দ্বি-মত প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।

“দলৰ মানুহে কৈছে যদিও মই ১০০ শতাংশ ক’ব নোৱাৰো যে, এইটো উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে। তেওঁৰ মতে উচ্চতম ন্যায়ালয় অৱমাননা কৰা হ’ব পাৰে, কিন্তু মই ক’ব নোৱাৰো। প্ৰকৃত উচ্চতম ন্যায়ালয়ৰ ৰায় নেদেখালৈকে মই একো নকওঁ, কাৰণ মই এজন উকীল, তেওঁতো উকীল নহয়। মোক ব্যক্তিগতভাৱে সুধিলে এইটো উচ্চতম ন্যায়ালয়ৰ অৱমাননা নহয় বুলিহে ক’ম। উচ্চতম ন্যায়ালয়ে ছেনছিটিভ নথিহে নিদিবলৈ কৈছে, এয়াতো নহয়। এইটোও ঠিক, যদি সকলো কথা শ্বেয়াৰ নকৰিবলৈ উচ্চতম ন্যায়ালয়ে কৈছে সেইটো মই ভুল বুলি ক’ম।” গগৈৰ মন্তব্য।