NORTHEAST NOW (Assamese)
অসম

একেটা মোবাইল ফোনতে ৩টা ফোন Samsungৰ, ঘূৰে ফেনৰ পাংখাৰ নিচিনাকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 9:21 pm
Samsung swivel phone with three rotating fan-like screens

ফ’ল্দেবল মোবাইল ফোন বাদ দিয়ক, Samsungৰ এটা মোবাইলতে ৩টাকৈ মোবাইল!

ইটোৰ ওপৰত সিটোকৈ থাকে প্ৰত্যেকটো মোবাইল।

জপাই থ’লে এটাৰ নিচিনা হয় আৰু ফেনৰ পাংখাৰ নিচিনাকৈ সেইবোৰ যেনিয়ে মন যায় তেনিয়ে ঘূৰাই ব্যৱহাৰ কৰিব পাৰি।

তাৎপৰ্য্যটো হৈছে, তিনিওটা মোবাইল একেলগৰ যদিও, প্ৰত্যকটোৱেই স্বতন্ত্ৰ অস্তিত্বৰে কাৰ্য্যসম্পাদনক্ষম।

ধৰক, ব্যৱহাৰকাৰীয়ে এটা ফোনত যদি ভিডিঅ’ কল কৰিছে, আন এটাত ভিডিঅ’ চাই বা আৰু আনটোত গৱেষণা পত্ৰ লিখি থাকিবও পাৰে।

বজাৰত এই ফোনে কেতিয়াকৈ মুখ দেখুৱাই নিশ্চিত নহয়, কিন্তু পেটেণ্টৰ ভিত্তিত এয়ে সংবাদ।