NORTHEAST NOW (Assamese)
অসম

অসমকো দ্বিখণ্ডিত কৰি কেন্দ্ৰ শাসিত বড়োলেণ্ড দিয়াৰ দাবী সাংসদ বিশ্বজিত দৈমাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2019 9:22 pm
Assam MP Biswajit Doimari in Rajya Sabha on NRC

জন্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিল আৰু ৰাজ্যখনৰ ৰাজ্যৰ মৰ্য্যাদা কৰ্তনৰ পিছতে আজি অসমৰ বি পি এফ দলৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ৰাজ্যসভাত অসমকো দ্বিখণ্ডিত কৰি বড়োলেণ্ডক কেন্দ্ৰ শাসিত অঞ্চল ঘোষণাৰ দাবী তুলিছে।

আজি সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিলক ধন্যবাদ দি ইয়াক প্ৰধান মন্ত্ৰী মোদীৰ শক্তিশালী পদক্ষেপ বুলি কয় সাংসদজনে।

কিন্তু একে সময়তে উত্তৰ-পূবত বহুতো জনজাতি আৰু জনগোষ্ঠীয়ে স্বাধিকাৰ, স্বশাসন বিচাৰি থকা বুলি সংসদত দৈমাৰীয়ে জানিবলৈ দি কয়, “যদি বড়োলেণ্ডক কেন্দ্ৰ শাসিত অঞ্চলৰ মৰ্য্যাদা দিয়া হয়, তেতিয়া কেন্দ্ৰই ইয়াৰ সীমাত থকা ভূটান আৰু চীনৰ ওপৰত অধিক ভালকৈ নিৰীক্ষণ কৰিব পাৰিব।”

সাংসদজনে জম্মু আৰু কাশ্মীৰত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিলে ১০-১৫ বছৰৰ পিছত পুনৰ সংবিধান সংশোধন কৰি ৰাজ্যৰ মৰ্য্যাদা দিব পৰা হ’ব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্য্যাদা তথা জম্মু আৰু কাশ্মীৰৰ লোকসকলক সাংবিধানিক সুৰক্ষাকৱচ দি থকা সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) আজি বাতিল কৰা হয়।

ইয়াৰ উপৰি জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰি ইয়াক কেন্দ্ৰ শাসিত অঞ্চল কৰা হয় আৰু পূৰ্বতে ইয়াৰ অন্তৰ্গত লাডাখক ইয়াৰ পৰা পৃথক, বিধানমণ্ডল নথকা এটা কেন্দ্ৰ শাসিত অঞ্চল কৰা হয়।