NORTHEAST NOW (Assamese)
অসম

তৰুণ গগৈৰ দাবী, “বিজেপিলৈ যাবই ভুৱনেশ্বৰ কলিতা, নগ’লে মই ক্ষমা খুজিম”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 6, 2019 4:45 pm
Tarun Gogoi_Bhubaneshwar

৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

পদত্যাগৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ পৰা দূৰত্ব বজাই ৰখা কলিতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কোনো বিষয়ববীয়াই এই পৰ্য্যন্ত মন্তব্য কৰা নাই যদিও প্ৰাক্তন সতীৰ্থ গগৈয়ে খোলাখুলিকৈয়ে এই দাবী কৰে।

“কলিতা বিজেপিত নগৈ আৰু ক’ত যাব? বিজেপিলৈ যাবই, নগ’লে মই এই কথা কোৱা বাবে ক্ষমা খুজিম”, দিচপুৰৰ মন্ত্ৰীৰ আৱাসত আজি এখন সংবাদমেলৰ অন্তত গগৈৰ খোলা মন্তব্য।

উল্লেখ কৰিব পাৰি যে, ৫ আগষ্টত ভুৱনেশ্বৰ কলিতাই আকস্মিকভাৱে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে, যিটোৱে জ্যেষ্ঠ কংগ্ৰেছ নেতৃত্বক হতচকিত কৰিছে।

গগৈয়ে কলিতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “বিলখন কালিহে আনিছে, তেওঁ কেনেকৈ আগতে জানিলে? তেওঁ আগতে কি 370-ৰ কথা জনা নাছিল?”

“টিকট পোৱালৈকে কংগ্ৰেছ ভাল আছিলে” বুলি কটাক্ষ কৰি গগৈয়ে কয়, “তেওঁ পাৰ্টিৰ লগত আলোচনা নকৰিলে কিয়? তেওঁ কোনো দিন কোৱা নাই”।

ইপিনে, তেওঁ গ’লে কংগ্ৰেছৰ ক্ষতি কি হ’ব? নিজেই এই প্ৰশ্ন তুলি গগৈয়ে কয়, “আমি কোৱা নাই যে তেওঁক আমাৰ দৰকাৰ নাই।”

তদুপৰি, ২০০৪ চনত কংগ্ৰেছৰ সভাপতি হিচাপে ভুৱনেশ্বৰ কলিতাক নিয়োগ কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে কয়, “তেওঁক তেতিয়া মন্ত্ৰিত্বও লাগে আৰু সভাপতিত্বও লাগে। সভাপতি কৰিলে মন্ত্ৰিত্ব যাব বুলি কংগ্ৰেছৰ সভাপতি নলওঁ বুলি কৈছিল। মইহে তেওঁক সভাপতি হ’বলৈ কৈছিলো। সেয়া ২০০৪ চনৰ কথা।”

আনহাতে, “কলিতা বিদেশ ভ্ৰমণত পাকৈত” বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় যে তেওঁৰ সমান কোনো অসমৰ সাংসদে বিদেশ ভ্ৰমণ কৰা নাই।

ইপিনে, কলিতাক বিজেপিয়ে “লাডাখৰ ৰাজ্যপাল হোৱাৰ সপোন দেখুৱাইছে” বুলি দাবী কৰি, ‘ললিপপ’ত ভোল গৈ বিজেপিত যোগদান কৰিলে নিজৰে লোকচান হ’ব বুলিও মন্তব্য কৰে।

“বিজেপি ললিপপ দিয়াত ভাল। ঢৌত গ’লে গৰাখহনীয়া হ’বই। বিজেপিত ভৱিষ্যত নাই। অহা-যোৱা চলি থাকিব। বেয়া দিনত খুব কম মানুহ থাকিব।”