NORTHEAST NOW (Assamese)
অসম

এন এছ চি এনৰ অধ্যক্ষই কি কৈছিল? “নাগাই ভাৰতক ভয় নকৰে, উত্তৰ-পূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2019 1:24 pm
Army optimistic about Naga talks

কাশ্মীৰক ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ)ৰ পৰা কেন্দ্ৰই বঞ্চিত কৰাৰ সময়তে নাগাসকলক বিশেষাধিকাৰ দিয়া সংবিধানৰ ৩৭১ (এ)  অনুচ্ছেদটোক লৈয়ো শংকাৰ সৃষ্টি হৈছে।

এই সম্পৰ্কত কেন্দ্ৰৰ সৈতে আলোচনাৰে কাশ্মীৰৰ দৰে একেই কিছুমান অতি বিশিষ্ট ধৰণৰ অধিকাৰ দাবী কৰি থকা এন এছ চি এন (আই এম)-এ এতিয়ালৈকে একো মত প্ৰকাশ কৰা নাই।

কিন্তু সংগঠনটোৰ নৱনিৰ্বাচিত অধ্যক্ষ কেহেজু টুক্কুৱে (Qhehezu Tuccu) ভাৰত ৰাষ্ট্ৰশক্তিৰ বিপক্ষে নিজৰ আত্মপ্ৰত্যয়েৰে যোৱা মাৰ্চ মাহত দিয়া এটা বক্তৃতা অতি প্ৰাসংগিক।

উত্তৰ-পূবৰ অন্যতম সশস্ত্ৰ বিদ্ৰোহী গোটটোৰ নৱনিযুক্ত অধ্যক্ষজনে ডিমাপুৰস্থিত তেওঁৰ বাসগৃহত দিয়া এটা ধন্যবাদজ্ঞাপক বক্তৃতাত কিছুমান কথা কৈছিল, যিবোৰত নাগা আৰু উত্তৰ-পূবৰ জনাংশৰ আকাংক্ষা আৰু অধিকাৰ দাঙি ধৰিছিল।

“ভাৰত এক বৃহত ৰাষ্ট্ৰ হোৱা মানেই এইটো নহয় যে আমি ইয়াৰ সন্মুখত দুৰ্বল অনুভৱ কৰিম”, উপস্থিতসকলক সম্বোধন কৰি টুক্কুৱে মন্তব্য কৰিছিল।

তেওঁ নাগালেণ্ডক ভাৰতৰ পৰা খুজি লোৱা ভূমি নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে আৰু সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ কণ্ঠক প্ৰতিধ্বনি দি কয়, “উত্তৰ-পূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব”।

“আমি ইয়াত বাৰ্মিজ অনুগ্ৰহৰ বিনিময়ত থকা নাই, আমি ভাৰতক আমাৰ ভূখণ্ডৰ অধিকাৰী কৰি দিবলৈ খাটনি ধৰা নাই। নাগাভূমি সদায়ে নাগাসকলৰ আৰু ই সদায়ে তেওঁলোকৰে হৈ থাকিব। এইটোৱে মোৰ দৃঢ় মত। আমাৰ ভূমিৰ বাবে কাৰো পৰা অনুমতিৰ দৰকাৰ নাই”, প্ৰত্যয়পূৰ্ণ বক্তৃতাটোত অধ্যক্ষজনৰ মন্তব্য।

তেওঁ নাগা বিদ্ৰোহক নেতৃত্ব দি অহা পূৰ্বৰ নেতাসকলৰ প্ৰসংগ টানি আনি ‘নেতাসকলে ভাৰত আৰু ম্যানমাৰক এক ইঞ্চিও মাটি এৰি দিবলৈ সন্মত নাছিল’ বুলিও মন্তব্য কৰিছিল।

“নাগাৰ স্বাৰ্থত হাজাৰ হাজাৰজনে তেওঁলোকৰ ঘাম, চকুলো, ৰক্ত আৰু জীৱন পাত কৰিলে। জীয়াই থকাসকলেও একেই ভাবনাৰে কাম কৰি যাব লাগিব”, টুক্কুৱে কয়।

অধ্যক্ষজনে সংগঠনটোৱে কেতিয়াবা ভুল কৰিব পাৰে বুলি স্বীকাৰ কৰি কয়, “কোনোৱে পাৰ্ফেক্ট নহয়”। তেওঁ ভুলবোৰ আঙুলিয়াই দিবলৈও আহ্বান জনায়, যাতে সেইবোৰৰ বিষয়ে অৱগত হ’ব পাৰি।

কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি কেন্দ্ৰই যোৱা ৫ আগষ্টত এটা ৰাষ্ট্ৰপতীয় নিৰ্দেশৰ জৰিয়তে সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিল কৰিছে।

নাগালেণ্ডেও ৩৭১ (এ) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্য্যাদা লাভ কৰি আহিছে।

কাশ্মীৰৰ দৰে প্ৰায় অনুৰূপ বিশেষ সাংবিধানিক ব্যৱস্থা পাবলৈ কেইবা দশকজোৰা সশস্ত্ৰ বিদ্ৰোহ  কৰি অহা এন এছ চি এন (আই এম)ৰ অধ্যক্ষজনৰ প্ৰায় ছমাহ পূৰ্বৰ এই বক্তৃতা বহুকেইটা দিশৰ পৰা অতি তাৎপৰ্য্যপূৰ্ণ।

কেহেজু টুক্কুৱে (Qhehezu Tuccu) যোৱা ফেব্ৰুৱাৰি মাহত সংগঠনটোৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল, যিটো পদ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ইশ্বাক চিচিৰ মৃত্যুৰ পিছত খালী হৈ আছিল প্ৰায় তিনি বছৰ ধৰি। সংগঠনটো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত আছে।