NORTHEAST NOW (Assamese)
অসম

গেৰুৱা সাজ পিন্ধিলে আৰু এজন প্ৰাক্তন কংগ্ৰেছী বিধায়কে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 8, 2019 4:03 pm
congress MLA join BJP

কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে বিজেপিত যোগদান কৰিছে।

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সিঙে যোগদান কৰে।

সিঙৰ লগতে আন শতাধিক লোকে বিজেপিত যোগদান কৰে। তদুপৰি, প্ৰাক্তন কংগ্ৰেছী বিধায়ক সিঙৰ ৭ জন সতীৰ্থইয়ো যোগদান কৰে বিজেপিত।

সিঙক দলৰ মজিয়ালৈ আদৰণি জনায় ৰাজ্যিক বিজেপিৰ উপ সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়া, বিজয় গুপ্তা আৰু পুলক গোহাঁইয়ে।

বিজেপিত যোগদান কৰিয়েই নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকী।

ৰাজেন্দ্ৰ প্ৰসাদ সিঙে কংগ্ৰেছ দলটোকো সমালোচনাৰে থকা সৰকা কৰে।

“কংগ্ৰেছত কিছুমান আত্মকেন্দ্ৰিক নেতা আছে।  নিজৰ মাজতে দলটো ধৰি ৰাখিব বিচাৰে। কংগ্ৰেছ অন্তৰ্কন্দলত ভুগি আছে। মই কংগ্ৰেছ ক তালাক দি আহিলোঁ,’’-সিঙে কয়।

তদুপৰি, কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, ‘’কংগ্ৰেছে ৬০ বছৰ শাসন কৰিলে, ভৱিষ্যতে বিজেপিয়ে ৪০ বছৰ শাসন কৰক। কংগ্ৰেছত মোৰ প্ৰতি অন্যায় হৈছে। মোক মন্ত্ৰিত্ব দিয়া হ’লে মই আৰু কাম কৰিব পাৰিলোঁ হয়।”

অৱশ্যে, বিজেপিলৈ তেওঁ কোনো মন্ত্ৰিত্বৰ লোভত অহা নাই বুলি উল্লেখ কৰি লগতে কয়, “দলে যি দায়িত্ব দিব তাৰে দায়িত্ব লৈ ৰাইজৰ হকে কাম কৰিম।”

ইপিনে মোদীয়ে তিনিটাকৈ ঐতিহাসিক সিদ্ধান্ত ল’লে বুলি উল্লেখ কৰি সিঙে কয়, “যিটো কংগ্ৰেছৰ শাসনত ভাৰতীয়  বুলি জনসাধাৰণে কথাটো পাহৰি পেলাইছে এতিয়া মোদীয়ে নতুনকৈ ভাৰতীয় বুলি উপলব্ধি কৰাব শিকাইছে।‘’

‘’তিনি তালাক তেওঁ নাইকিয়া কৰিলে। তেওঁ মুছলমান মহিলাৰ কাৰণে যি কৰিলে তাৰ কাৰণে মই আকৃষ্ট হৈছোঁ। কাশ্মীৰৰ সমস্যাৰ সমাধান কৰিলে মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে। কিন্তু কংগ্ৰেছে কৰিব নোৱাৰিলে,’’-সিঙে কয়।

তদুপৰি, সিঙে কয়, ‘’মোদী চৰকাৰৰ সিদ্ধান্তত কংগ্ৰেছ পাৰ্টিয়ে সহযোগ কৰিব লাগিছিল। তেতিয়া ভাৰতীয় মানুহে তেওঁলোকক সহযোগ কৰিলে হয়। এক বিধান এক প্ৰধান এক নিশান এইটো সম্পূৰ্ণ হ’বলৈ গৈছে। এইটো হ’লে আমাৰ যথেষ্ট উন্নতি হ’ব।”

উল্লেখযোগ্য যে, উজনি অসমত প্ৰদেশ কংগ্ৰেছৰ শক্তিশালী ভেটি গঢ়া এগৰাকী উল্লেখযোগ্য কাণ্ডাৰী ৰাজেন্দ্ৰ প্ৰসাদ সিঙে ২০০১ চনৰ পৰা ২০১৬ চনলৈ তিনিবাৰ তিনিচুকীয়াৰ বিধায়ক হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।

এগৰাকী শ্ৰমিক নেতা হিচাপেও সিঙৰ এক পৰিচয় আছে।

২০১৬ চনৰ বিধানসভা নিৰ্বাচত সঞ্জয় কিষাণে ৰাজেন্দ্ৰ প্ৰসাদ সিঙক পৰাস্ত কৰাৰ পাছতে সমষ্টিটোত ক্ৰমান্বয়ে কংগ্ৰেছে জনসমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছিল।

এতিয়া এজনৰ পাছত আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানে প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানিছে।