NORTHEAST NOW (Assamese)
অসম

উদ্ধাৰ হৈছে কন্ঠশিল্পী কৰৱী দাসৰ ছুইচাইড নোট : পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 8, 2019 5:58 pm
Karobi Das Photo

‘মই আজি সম্পূৰ্ণৰূপে ভাঙি পৰিছো মোৰ যেন সকলো শেষ। মোৰ সংগীতো যেন হেৰুৱালো মই।‘

উদ্ধাৰ হৈছে জনপ্ৰিয় কন্ঠশিল্পী কৰৱী দাসৰ ছুইচাইড নোট।

গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত প্ৰেমিক ঋতুপৰ্ণ দাসৰ ভাড়াঘৰত চিপ লৈ বুধবাৰে আত্মহত্যা কৰিছিল কন্ঠশিল্পীগৰাকীয়ে।

কিয় আত্মহত্যা কৰিছিল কৰৱীয়ে? সেই প্ৰশ্নৰ উদঘাটন হৈছে আত্মহত্যা কৰাৰ পূৰ্বে কৰৱীয়ে লিখি থৈ যোৱা ছুইচাইড নোটত।

Suicide Note 1
কৰৱী দাসৰ ছুইছাইড নোট।

প্ৰেমিক ঋতুপৰ্ণ দাসে কৰৱীক দীৰ্ঘদিন ধৰি শাৰিৰীক আৰু মানসিকভাৱে অত্যাচাৰ কৰি অহাৰ কথা উল্লেখ আছে এই ছুইচাইড নোটত।

নৰ্থইষ্ট নাওৰ হাতত আহি পৰিছে কৰৱী দাসৰ চাঞ্চল্যকৰ ছুইচাইড নোট।

ছুইচাইড নোটত উল্লেখ থকা অনুসৰি ‘মোক ঋতুৱে প্ৰায়ে হাত উঠাই বেয়া বেয়াকৈ গালি পাৰি মোক অপমান কৰে। মই নগ’লেও মোৰ ঘৰত আহি ৰাতি মদ খাই মোক অত্যাচাৰ কৰে, বস্তু ভাঙে।‘

Suicide Note 2
কৰৱী দাসৰ ছুইছাইড নোট।

‘মই চিঞৰিলে মোৰ মুখত টেপা মাৰি ধৰে। মূৰত মাৰে, গালত চৰ মাৰে আৰু চোঁচৰাই লৈ মাৰে। মই বহুত কষ্ট পাও। ঘৰত ক’লে মা হতে দুখ পাব বুলি কাকো নকও। কাৰণ দেউতা ঢুকোৱা বেছি মাহ হোৱা নাছিল।‘

‘মোক কোনোবাই ফোন কৰিলেও সন্দেহ কৰা হ’ল। মই মানসিকভাৱে ভাগি পৰিছিলো। লাহে লাহে যেন মোৰ সৱ শেষ হৈ থাকিল…।’

ছুইচাইড নোটখনত কৰৱীয়ে আৰু লিখিছে ‘মই যেন সদায়ে ভাঙি পৰো, কিন্তু পিছ মুহূৰ্ততে বুজাওঁ যে মই হাৰিব নোৱাৰো। কিন্তু এনেকৈ কিমানদিন সহ্য কৰি গৈ থাকিম। মোৰ আৰু শক্তি নোহোৱা হৈ গৈছে ঋতুৰ লগত যুঁজিবলৈ।‘

‘সি মোক প্ৰায়ে কৰা শাৰিৰীক আৰু মানসিক অত্যাচাৰে যেন মোক ভিতৰৰ পৰা শেষ কৰি পেলাইছে। মই আজি সম্পূৰ্ণৰূপে ভাঙি পৰিছো মোৰ যেন সকলো শেষ। মোৰ সংগীতো যেন হেৰুৱালো মই।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, কৰৱীয়ে তেওঁৰ এগৰাকী বান্ধৱীক হোৱাটছএপ মেছেজৰ জৰিয়তে কৰা কিছুমান মেছেজত বহু বিস্ফোৰক তথ্য উদ্ধাৰ হৈছে।

Whatsapp Msg of Karabi on Deepak and Ritu
দীপক আৰু ৰিতু সম্পৰ্কত কৰৱী দাসৰ হোৱাটছ এপ মেছেজ।

কৰৱীয়ে নিজৰ জীৱনৰ দুখৰ বিষয়ে তেওঁৰ অন্তৰংগ বান্ধৱীক অৱগত কৰাৰ মাজতে সাঙুৰিছে কন্ঠশিল্পী জুবিন গাৰ্গৰ নাম।

‘মই কিবা এক্সন ল’ম বুলি ক’লেই জুবিন দাৰ কথা কৈ মোক চুপ কৰাই থয়। জুবিন দাই বচাব, ইণ্ডাষ্ট্ৰিৰ মানুহখিনিয়ে বচাব। নিজৰ সন্মানৰ কাৰণে ঘৰখনৰ কাৰণে ভাবি বহুত সহ্য কৰি গ’লো কিন্তু আজি আৰু মই আৰু সহ্য কৰিব নোৱাৰা হৈছো।‘ জুবিন গাৰ্গৰ নাম সাঙুৰি এইদৰে নিজৰ বান্ধৱীলৈ প্ৰেৰণ কৰা মেছেজত কৈছিল কৰৱীয়ে।

ঋতুপৰ্ণ দাস এজন গড়কপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা যদিও তেওঁ জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে, বান্ধৱীলৈকে কৰা এক হোৱেটছ এপ মেছেজত কৰৱীৰ প্ৰাক্তন প্ৰেমিকৰ কথাও উল্লেখ কৰিছে কৰৱীয়ে।

Zubeenor Nam Thoka Screen Shot
জুবিনৰ নাম উল্লেখ থকা হোৱাটছ এপ মেছেজ।

‘দীপকক মই সঁচাকৈ ভাল পাইছিলো, কিন্তু দেউতা ঢুকুওৱাৰ পাছত মই ঘৰখনৰ কথা ভাবি তাৰ পৰা আঁতৰিলো। তেতিয়া ঋতুৱে নিজেই আহি মোক সংগ দিলে কিন্তু মই কেতিয়াও ৰেডি নাছিলো ৰিলেশ্ব্যনশ্বিপ কৰাত। তাৰ জেদ আছিল দীপকৰ লগত। আৰু তাক ফোন কৰি ধমকি দিছিল গুৱাহাটী আহিলে মাৰিব বুলি।‘ প্ৰাক্তন প্ৰেমিক আৰু ঋতুৰ বিষয়ে কৰৱীয়ে এইদৰে লিখিছিল হোৱেটছএপত।

উল্লেখযোগ্য যে, বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত কৰবীৰ প্ৰেমিক ঋতুপৰ্ণৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল কৰবীৰ মৃতদেহ। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ।

প্ৰেমিক ঋতুপৰ্ণ দাসৰ ঘৰ গোৱালপাৰাৰ দুধনৈত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কৰৱীৰ পৰিয়ালে ভঙাঘৰ আৰক্ষী থানাত ঋতুপৰ্ণ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইতিমধ্যে ঋতুপৰ্ণক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।