NORTHEAST NOW (Assamese)
অসম

গছ কটাৰ দুখত কান্দোনত ভাগি পৰা ৯ বছৰীয়া মণিপুৰী ছোৱালীক গ্ৰীণ এম্বেছাদৰ নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2019 9:21 pm
Elangbam-Valentina-Devi-2jpg-615x375

মণিপুৰৰ এগৰাকী ৯ বছৰীয়া স্কুলীয়া ছোৱালীক গছৰ প্ৰতি তাইৰ নিস্বাৰ্থ ভালপোৱাৰ স্বীকৃতি হিচাপে ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

পথ বহলোৱা প্ৰকল্প এটাৰ বাবে দুডাল গছ কটাৰ কাৰণে ছোৱালীজনীয়ে কান্দোনত ভাগি পৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এই সন্মান দিয়া আগবঢ়োৱা হৈছে।

মণিপুৰ চৰকাৰৰ এটা চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে কাকচিঙ জিলাৰ হিয়াংলাম মাখা লেইকাইৰ এলাংবাম ভেলেন্টিনা দেৱীক মুখ্য মন্ত্ৰীৰ সেউজ মণিপুৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

নিৰ্দেশটোত কোৱা হৈছে,’’ এয়া তাইৰ গছৰ প্ৰতি অফুৰন্ত মৰম আৰু ভালপোৱাৰ স্বীকৃতি আৰু ‘নিৰ্দেশটো দিয়া তাৰিখৰ পৰা এবছৰৰ বাবে’ পৰিৱেশ সংৰক্ষণৰ ওপৰত গণ সজাগতা সৃষ্টিৰ কাম কৰিব।

ভেলেন্টিনা কাকচিঙ চহৰৰ আমুটম্বি ডিভাইন লাইফ ইংলিছ স্কুলৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

তাই পাঁচ বছৰ পূৰ্বে দুডাল কৃষ্ণচূড়া (ৰয়েল পইনচিয়ানা) গছৰ পুলি এটা নদীৰ পাৰত ৰোপন কৰিছিল।

তাই গছপুলি দুডালৰ যতন লৈছিল আৰু সেইয়া প্ৰায় চাৰি বছৰৰ ভিতৰত লহপহীয়া গছ হৈ উঠিছিল।

শনিবাৰে, নদীখনৰ কাষেৰে যোৱা পথ বহলোৱা প্ৰকল্পৰ বাবে গছ দুডাল আন গছ গছনিৰ লগতে কাটি পেলোৱা হয়।

গছ দুডাল কটাৰ পাছত ছোৱালীজনীয়ে কান্দি থকা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

‘’মই ছোৱালীজনীয়ে কান্দি থকা ভিডিঅ’টো দেখিছিলো, যেন কোনো অতি নিকট সম্পৰ্কৰ মানুহহে ঢ়ুকাইছে। দুডাল গছ কটাৰ বাবে তাইৰ যি অনুভুতি সেয়া আমি ডাঙৰ বিলাকে সম্ভৱত: ইমান নাভাৱো। এইটোৱে মোক প্ৰভাৱিত কৰিছে,’’-মুখ্য মন্ত্ৰী বীৰেন সিঙে এনেদৰে কয়।

মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয় যে তেওঁ এছ পি য়েংখম ভিক্টোৰিয়াক তাইক লগ ধৰি সান্তনা দিবলৈ আৰু তাইক কমেও ২০ টা গছপুলি উপযুক্ত স্থানত ৰুবলৈ দিয়াৰ বাবে নিৰ্দেশ দিছিলো।

‘’পাছত, মই উপলব্ধি কৰিছিলো যে যোৱা জুন মাহত আৰম্ভ কৰা সেউজ মণিপুৰ অভিযানৰ বাবে তাইতকৈ কোনো ভাল এম্বেছাদৰ হ’ব নোৱাৰে। এনেকুৱা সৰু কালতে গছৰ প্ৰতি থকা তাইৰ ভালপোৱা ইমানেই গভীৰ যে মই এটা নিৰ্দেশ দিয়াৰ সিদ্ধান্ত ল’লো আৰু চৰকাৰী বিষয়াৰ জৰিয়তে তাইৰ হাতত তুলি দিয়া হ’ল,’’-তেওঁ কয়।

নিৰ্দেশটো অনুসৰি ভেলেন্টিনা মণিপুৰৰ সেউজ অঞ্চল বৃদ্ধি কৰাৰ বাবে প্ৰম’ট কৰা এনেকুৱা সকলোধৰণৰ বিজ্ঞাপন তথা প্ৰচাৰাভিযানৰ অংশ হ’ব।