NORTHEAST NOW (Assamese)
অৰুণাচল

অসম-অৰুণাচল সীমান্তত ৮ ছেপ্টেম্বৰত উন্মোচন হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি, উৎসৱ মুখৰ জয়ৰামপুৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ August 9, 2019 11:04 am
Screenshot_20190808_190613

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৮ ছেপ্টেম্বৰ জন্মদিনটোত এইবাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত উন্মোচন হ’ব মহান মনীষী গৰাকীৰ প্ৰতিমূৰ্তি।

উল্লেখ্য যে, অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত এডোখৰ স্থান সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি ইতিমধ্যে প্ৰতিমূৰ্তি স্থাপনৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি।

স্থানীয় শিল্পী লোহিত গগৈ, অৰুণাচলৰ নামপুং সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলি মচাং, জয়ৰামপুৰৰ আৰ কে এম এম ছচাইটিৰ সম্পাদক অৰূপ চৌধুৰী, ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সভাপতি মনিশ লিম্বুৰ নেতৃত্বত এই মহান কাৰ্যসূচীৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যই সহায়ৰ হাত আগবঢ়াইছে।

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশৰ নামপুং সমষ্টিৰ বিধায়ক লাইচাম চিমাইয়ো বিষয়টো গুৰুত্বসহকাৰে লৈ সহযোগিতা কৰিছে।

এই সকল ব্যক্তিৰ প্ৰচেষ্টাত অসম অৰুণাচল সীমান্তত অহা ৮ ছেপ্টেম্বৰত পূৰ্ণতা লাভ কৰিব সুধাকণ্ঠৰ প্ৰতিমূৰ্তিয়ে।

উক্ত দিনা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ প্ৰয়াসেৰে এক ব্যতিক্ৰমী অনুষ্ঠান ৰূপায়িত কৰা হব বুলি জানিব দিয়ে উদ্যোক্তা শিল্পী লোহিত গগৈয়ে।

আনহাতে, নামপুং সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলি মচাঙে অসম অৰুণাচলৰ সীমান্তত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপনে দুয়োখন ৰাজ্যৰ মাজত ভাতৃত্ববোধ আৰু অধিক শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক ভূপেন হাজৰিকাৰ আদৰ্শই উৎসাহিত কৰিব বুলি মন্তব্য কৰে।

এতিয়া সীমান্তবৰ্তী দুয়োখন ৰাজ্যৰ জনসাধাৰণে অহা ৮ ছেপ্টেম্বৰৰ বাবে অধীৰ আগ্ৰহেৰে আপেক্ষা কৰিছে।