NORTHEAST NOW (Assamese)
অসম

ছিপাঝাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী কনিষ্টবল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2019 6:26 pm
Accident-750x375-1-1

ছিপাঝাৰৰ মৰৈত ৰাষ্ট্ৰীয় ঘাইপছত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবলে থিতাতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

দুৰ্ঘটনাটোত নিহত আৰক্ষী কনিষ্টবলজনক গোলাপ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ছিপাঝাৰৰ কলাইগাঁও আৰক্ষী থানাৰ কনিষ্টবল গোলাপ শৰ্মাই আজি দিনৰ ভাগত এ এছ ১৩ এইচ ১৮১০ নম্বৰৰ মটৰচাইকেলেৰে ছিপাঝাৰলৈ বুলি আহি আছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এ এছ ২৫ ডিচি ৯৬০০ নম্বৰৰ এখন বলেৰ’ পিক আপ ভানে শৰ্মাৰ মটৰচাইকেলত প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত থিতাতে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হয় আৰক্ষী কনিষ্টবলগৰাকীয়ে। গোলাপ শৰ্মাই মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী জীয়ৰীক এৰি থৈ গৈছে।