NORTHEAST NOW (Assamese)
অসম

সুখবৰ! মাত্ৰ ৭ হাজাৰ টকাতে গুৱাহাটী-বেংকক পোনপটীয়া বিমানসেৱা অচিৰেই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 7:40 pm
Nok Air main

বেংকক ভ্ৰমণলৈ যাব খোজা উত্তৰ-পূবৰ লোকসকলৰ বাবে সুখবৰ কঢ়িয়াই নক এয়াৰে গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে।

নক এয়াৰ (Nok Air) থাইলেণ্ডৰ এটা বিমান পৰিবহণ কোম্পানি, যিটোৱে সাধাৰণতে দেশখনত অভ্যন্তৰীণ বিমানসেৱা আগ বঢ়ায়। ই কম খৰচীও।

বিমান পৰিবহণ কোম্পানিটোৱে জনোৱামতে, বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বেংককলৈ আৰু বেংককৰ পৰা গুৱাহাটীলৈ উভয় দিশত নক এয়াৰৰ সপ্তাহত দুটা খেপ থাকিব।

প্ৰথমটো বিমান যাত্ৰা অহা ২২ ছেপ্টেম্বৰত মুকলি কৰা হ’ব।

বেংকক-গুৱাহাটীৰ পোনপটীয়া যাত্ৰাটোত সময় লাগিব ৩ ঘণ্টাতকৈ কম। টিকটৰ দাম আৰম্ভ হ’ব ৬,৯৯৯ টকাৰ পৰা। বিমান পৰিবহণ কোম্পানিটোৱে জনালে।

Nok Air

প্ৰাৰম্ভিক পৰ্য্যায়ত যাত্ৰীলৈ কোম্পানিটোৱে বিনামূলীয়াকৈ আহাৰ আগ বঢ়াব আৰু ২০ কেজি পৰ্য্যন্ত মালবস্তু মাচুলবিহীনভাৱে লগত কঢ়িয়াবলৈ দিব।

কোম্পানিটোৱে প্ৰকাশ কৰা সূচীমতে, DD4117 ফ্লাইটখন ৰাতি ১:৪০ বজাত (ভাৰতীয় সময়) বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰি পুৱা ৬ বজাত (বেংককৰ সময়) বেংককৰ ডন মুৱেং আন্তঃৰাষ্ট্ৰীয় এয়াৰপ’ৰ্টত উপস্থিত হ’ব।

আনহাতে আনটো দিশৰ পৰা DD4116 ফ্লাইটখন প্ৰতি বুধবাৰ আৰু শনিবাৰে বেংককৰ বিমানবন্দৰটোৰ পৰা উৰা মাৰিব। বেংককৰ সময়মতে আবেলি ১১:৩০ বজাত উৰা মাৰি বৰঝাৰত ভাৰতীয় সময়মানৰ ৰাতি ১২:৪০ বজাত উপস্থিত হ’ব।