NORTHEAST NOW (Assamese)
অসম

হোজাইৰ মুছলিমপট্টীত বিধ্বংসী অগ্নিকাণ্ড; ৩০ লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ আশংকা

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা August 13, 2019 2:42 pm
20190813_125933

হোজাইৰ মুছলিমপট্টীত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুটাকৈ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি নিশা আলী আহমেদ আৰু আনিচুদ জামানৰ ঘৰৰ দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি জুইৰ সূত্ৰপাত হয়। ভয়াবহ ৰূপ ঘাৰণ কৰা জুইয়ে লগে লগে ৭টা কোঠালি আৱৰি ধৰে।

ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনীৰ ৭খনকৈ গাড়ীৰ লগতে স্থানীয় আৰক্ষী ঘটনাস্থলত উপস্থিত হয়।

অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইৰ ফলত প্ৰায় ৩০ লাখ টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ আশংকা ব্যক্ত কৰিছে ভুক্তভোগীয়ে।

অৱশ্যে এই ভয়ংকৰ অগ্নিকাণ্ডটোত কোনো লোকৰ ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে।

ইফালে কি কাৰণত এনেধৰণৰ ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হ’ল সেই বিষয়ে তদন্ত চলাই থকা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।