NORTHEAST NOW (Assamese)
Popular Stories

ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিলঃ ২০ বছৰ পুৰণি পৱন হন্স হেলিকপ্তাৰ নাকচ কৰিলে গান্ধীৰ নিৰাপত্তা দলে

Posted by: এন ই নাও নিউজ January 29, 2018 5:20 pm
rahul-gandhi

কংগ্ৰেছৰ সৰ্ব ভাৰতীয় সভাপতি ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিল কৰা হৈছে। নেতাজনে ৩০ জানুৱাৰিত তুৰা ভ্ৰমণ কৰাৰ কথা আছিল।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে তুৰা ভ্ৰমণত ব্যৱহাৰ কৰিব লগা ২০ বছৰ পুৰণি পৱন হন্স হেলিকপ্তাৰ তেওঁৰ নিৰাপত্তাত নিয়োজিত বিশেষ প্ৰতিৰক্ষা দলে (SPG) নাকচ কৰা বাবে এই ভ্ৰমণ বাতিল কৰিব লগা হৈছে।

এই সন্দৰ্ভত সৰ্ব ভাৰতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই সাংবাদিকক কয়, ‘তেওঁলোকে ৰাহুল মৰাতো বিচাৰে নেকি? এনেকুৱা কেনেকে কৰিব পাৰে? ৰাজনৈতিক শত্ৰুতা বেলেগ বিষয়, কিন্তু ই এজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰশ্ন।’

‘পৱন হন্স এটা বিপজ্জনক কোম্পানি’ বুলি উল্লেখ কৰি বিমান বিশেষজ্ঞ মোহন ৰংগনাথনে অভিযোগ কৰে যে এই হেলিকপ্তাৰবোৰৰ দুৰ্ঘটনাৰ পিছত হোৱা তদন্তসমূহ আচলতে ঢাকনিহে আৰু কাকো ইয়াৰ বাবে জগৰীয়া কৰা নহয়। কোম্পানিটো চলায় চৰকাৰে আৰু বিমান নিয়ন্ত্ৰক অসামৰিক বিমানৰ সঞ্চালককো চৰকাৰেই নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে কাইলৈ তুৰাত দলীয় কৰ্মীসকলক লগ কৰাৰ পিছত ৩১ জানুৱাৰিত শ্বিলঙত কেবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল।