NORTHEAST NOW (Assamese)
অসম

অহা সপ্তাহৰ পৰা পুনৰ আৰম্ভ হ’ব বাংলাদেশৰ পৰা ৰোহিংগ্যাৰ প্ৰত্যাৱৰ্তন

Posted by: চৈয়দ বছিৰ Updated by: চৈয়দ বছিৰ August 16, 2019 1:01 pm
Rohingya-refugees-camp-in-Bangladesh.-1140x570

ম্যানমাৰ আৰু বাংলাদেশে পৰৱৰ্তী সপ্তাহত দুবছৰ পূৰ্বে ৰাখাইন প্ৰদেশৰ পৰা পলাই অহা হেজাৰ হেজাৰ ৰোহিংগ্যা মুছলমানক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ নতুনকৈ প্ৰচেষ্টা চলাব।

বৃহস্পতিবাৰে ঢাকাত বিষয়াসকলে কয় যে যোৱা বছৰ একেধৰণৰ এটা প্ৰচেষ্টা চলোৱাৰ পাছত এই বছৰ তেওঁলোকক পঠিওৱাৰ বাবে এইটো হ’ব প্ৰথম প্ৰচেষ্টা।

ৰোহিংগ্যাসকলে প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে ম্যানমাৰত নাগৰিকত্ব প্ৰদানকে ধৰি বহুকেইটা চৰ্ত আৰোপ কৰিছে।

যোৱা ২০১৭ চনৰ আগষ্টত এক সামৰিক অভিযানৰ পাছত ৰাখাইনৰ পৰা চুবুৰীয়া বাংলাদেশলৈকে ৭৩০,০০০তকৈয়ো অধিক ৰোহিংগ্যা পলাই আহি আশ্ৰয় লৈছিল।

অলপতে বাংলাদেশে প্ৰেৰণ কৰা ২২,০০০ নামৰ ভিতৰৰ পৰা ম্যানমাৰে মুঠ ৩,৫৪০ গৰাকী শৰণাৰ্থীক প্ৰত্যাৱৰ্তনৰ বাবে সন্মতি দিছে।

দুয়োখন দেশৰ বিষয়াসকলে এই কথা জানিবলৈ দিয়ে।

বাংলাদেশে ৰাষ্ট্ৰসংঘৰ লগতে চীন আৰু ভাৰতকো ৰোহিংগ্যাসকলক ঘুৰাই ল’বলৈ ম্যানমাৰক সন্মত কৰাৰ বাবে আহ্বান জনাই আহিছে।

বাংলাদেশৰ সীমিত সম্পদসমূহলৈ চাই ৰোহিংগ্যাসকল শ্বেখ হাছিনা চৰকাৰৰ বাবে এক বৃহৎ বোজা হৈ পৰিছে।

কিন্তু, যদিও ম্যানমাৰে ৰোহিংগ্যাসকলক ঘুৰাই ল’বলৈ সন্মত হৈছে তেওঁলোকৰ বাসস্থান ৰাখাইনত পৰীক্ষা কৰা হ’ব পাৰে।

শৰণাৰ্থীসকলে ঘুৰি যাবলৈ শংকিত হৈ আছে আৰু তেওঁলোক যাবলৈ সন্মত হোৱাৰ আগেয়ে সুৰক্ষা তথা নাগৰিকত্ব সম্পৰ্কে আন্তৰ্জাতিক নিশ্চিতি বিচাৰিছে।