NORTHEAST NOW (Assamese)
অসম

শ্বিলঙত ভাৰতীয় বায়ু সেনা মুৰব্বী; ইষ্টাৰ্ন কমাণ্ডক সষ্টম থকাৰ নিৰ্দেশ

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা August 16, 2019 8:25 pm
IAF chief asks warriors in eastern frontier to remain vigilant

ভাৰতীয় বায়ু সেনা মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধান’ৱাই শুকুৰবাৰে শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ড মুখ্যালয় ভ্ৰমণ কৰিছে আৰু সৈনিকসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে।

অভিযানগত দক্ষতাক অৱমাননা কৰিব খোজা যিকোনো প্ৰচেষ্টাৰ সহজ প্ৰতিৰোধৰ বাবে যোদ্ধাসকলে প্ৰতি মুহূৰ্ততে সতৰ্ক নজৰ ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে।

দুদিনীয়া কমাণ্ডাৰ কনক্লে’ভ উদ্বোধন কৰিবলৈ অহা বায়ু সেনা মুৰব্বীগৰাকীয়ে অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰো বুজ লয়।

আনহাতে, এয়াৰ মাৰ্শ্বালগৰাকীয়ে চ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা খবৰৰ বিৰুদ্ধে সজাগ হৈ থকাৰ বাবেও সৈনিকসকলক সতৰ্ক কৰি দিয়ে।

তেওঁ কয় যে, শাৰীৰিক ভাবুকি প্ৰতিৰোধত নিৰৱচ্ছিন্নভাৱে সষ্টম থাকিবই লাগিব, কিন্তু একে সময়তে চ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা তথ্যৰ অপপ্ৰচাৰৰ বলি নোহোৱাৰ প্ৰতিও সাজু থাকিব লাগিব।

দেশৰ আকাশ সুৰক্ষিত কৰাত যিকোনো কামৰ বাবে অভিযানগতভাৱে প্ৰস্তুত থাকিবলৈ তেওঁ কনক্লে’ভখনত বায়ু সেনাৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিয়ে।

তেওঁ কয় যে ভাৰতীয় বায়ু সেনাৰ প্ৰত্যেকেই দ্ৰুত পৰিৱৰ্তিত উদ্ভাৱন আৰু উন্নত প্ৰযুক্তিৰ সৈতে খাপ খাব পৰা হোৱাটো অত্যন্ত জৰুৰী প্ৰয়োজন।

“আধুনিককৰণৰ লগতে বৰ্তমানৰ বিমান আৰু অস্ত্ৰ-শস্ত্ৰৰ উন্নীতকৰণৰ যোগেদি ভাৰতীয় বায়ু সেনা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ দিশে আগ বাঢ়িছে। কিন্তু, ই লগতে কিছু প্ৰত্যাহ্বানো লৈ আহিছে,” তেওঁ কয়।

বায়ু সেনা মুৰব্বীজনে ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুখ্যালয়ৰ অধীন বিভিন্ন অনুশীলনৰ সফল সম্পূৰ্তিৰ শলাগ লয়।