NORTHEAST NOW (Assamese)
অসম

আৰম্ভ হ’ল এন আৰ চিৰ বিৰোধিতাত আন্দোলন; প্ৰকাশৰ পূৰ্বেই “আসোঁৱাহপূৰ্ণ” আখ্যা; আৰু এবছৰলৈ সময় বৃদ্ধিৰ দাবী ABVP-ৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 19, 2019 8:23 pm

প্ৰকাশৰ অন্তিম পৰ্য্যায়ত থকা এন আৰ চিক “আসোঁৱাহপূৰ্ণ” বুলি দাবী কৰি ইয়াৰ বিৰোধিতাত আজি প্ৰতিবাদ সমদল উলিয়ায় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ এটা সংগঠনে।

সংগঠনটোৰ কৰ্মীসকলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণাও দিয়ে।

প্ৰকাশৰ পূৰ্বেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক “আসোঁৱাহপূৰ্ণ” আখ্যা দি ইয়াৰ প্ৰকাশৰ সময় এবছৰলৈ বৃদ্ধি কৰাৰ দাবী তুলিছে সংগঠনটোৱে।

সূচীমতে, অহা ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হ’ব। উচ্চতম ন্যায়ালয়ে যিকোনো মূল্যৰ বিনিময়ত অহা ৩১ আগষ্টত প্ৰকাশৰ বাবে কাঢ়া নিৰ্দেশ দি থৈছে।

উল্লেখযোগ্য যে অসমক অবৈধ নাগৰিকৰ গ্ৰাসৰ পৰা বচাবলৈ অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ব্যাপক দাবীত সেও মানি পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল।

বহু জটিলতা আৰু বহু মানুহৰ জীৱনলৈ অশেষ দুখ-দুৰ্দশা কঢ়িয়াই এই উন্নীতকৰণ প্ৰক্ৰিয়াটো যোৱা প্ৰায় ৬ বছৰ ধৰি চলি আছে আৰু বৰ্তমান শেষ পৰ্য্যায়ত উপনীত হৈছে। ইতিমধ্যে বহুকেইজন মানুহে এন আৰ চি সম্পৰ্কীয় ঘটনাত আত্মহত্যা কৰাৰ লগতে কেইবাজনৰো দুৰ্ঘটনাত মৃত্যু, অসংখ্যজন লঘু-লাঞ্ছনা আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে।

কিন্তু শেহতীয়াকৈ হিন্দুত্ববাদী মুষ্টিমেয় সংগঠন আৰু চৰকাৰৰ দুই এজন হিন্দুত্ব আদৰ্শৰ বিধায়কে ইয়াৰ শুদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে, যিটোৰ আঁৰৰ মতলব সম্পৰ্কে মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে।

ইয়াৰ পূৰ্বে, ২০১০ চনত এন আৰ চিৰ পাইলট প্ৰজেক্টৰ বিৰোধিতা কৰি “আমছু” নামৰ সংগঠনটোৱে গোটেই অসমবাসীৰ লগতে জাতীয়তাবাদী সংগঠনৰো ক্ষোভৰ সন্মুখীন হৈছিল। সংবাদ মাধ্যমেও সমালোচনা কৰিছিল আমছুক।

কিন্তু এইবাৰ অন্তিম পৰ্য্যায়লৈকে কাম আগ বঢ়াৰ পিছত ইয়াৰ বিৰোধিতা আৰু প্ৰকাশ হোৱাৰ পূৰ্বেই ইয়াক ভুলেৰে ভৰা বুলি দাবী কৰাত নতুন জটিলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

নৰ্থ-ইষ্ট নাওৰ আগত সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাসে “আসোঁৱাহপূৰ্ণ” বুলি কৰা দাবীৰ ভিত্তি কি বুলি কৰা প্ৰশ্নৰ উত্তৰত মনত সৃষ্টি হোৱা “সন্দেহ” বুলি স্বীকাৰ কৰে। এই সন্দেহৰ কাৰণ হ’ল- বাদ পৰা লোকৰ অনুপাত চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং জিলাৰ সৈতে বৰপেটা আৰু ধুবুৰীৰ বাদ পৰা লোকৰ অনুপাত একেই।

ABVP_Protest
এন আৰ চি ত্ৰুটিপূৰ্ণ বুলি দাবী কৰি প্ৰকাশ পিছুৱাই দিয়াৰ দাবীত প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। ১৯ আগষ্টত।

“ইয়াক সম্পূৰ্ণৰূপে আসোঁৱাহযুক্ত এন আৰ চি পাবলৈ গৈ আছো। কাৰণ যদি বাদ পৰা লোকৰ অনুপাত চাওঁ, চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং জিলাৰ সৈতে বৰপেটা আৰু ধুবুৰী জিলাৰ বাদ পৰা মানুহৰ সংখ্যা একে। গতিকে সন্দেহৰ আৱৰ্তত আছো, যে এইটো শুদ্ধ এন আৰ চি হ’ব নে নাই”, দাসে কয়।

তাৰোপৰি তেওঁ হাজেলাৰ কাম-কাজতো সন্দেহ প্ৰকাশ কৰি কয়, “প্ৰতীক হাজেলাই এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থাত চলাই আছে। আমাক এশ শতাংশ পুনৰ নিৰীক্ষণ লাগিব। এশ শতাংশ পুনৰ নিৰীক্ষণৰ জৰিয়তেহে আমি এখন শুদ্ধ এন আৰ চি পাম।”

“হাজেলাই নিজ মুখে স্বীকাৰ কৰিছে যে ২৭ শতাংশ পুনৰীক্ষণৰ পৰা তেওঁ ২৮ হাজাৰৰ বেছি মানুহ চিহ্নিত কৰিছে। গতিকে ১০০ শতাংশ পুনৰীক্ষণ কৰিলে কিমান লাখ লাখ নাম চিহ্নিত হ’ব ভাবি চাওক।” ৰাজ্যিক সম্পাদকজনে কয়।

তেওঁ এন আৰ চিৰ প্ৰকাশ এবছৰ পিছুৱাই ইয়াৰ প্ৰকাশৰ তাৰিখ ২০২০ চনৰ ৩১ জুলাই কৰাৰ আহ্বান জনায়।

এই সন্দৰ্ভত এন আৰ চি লাগে বুলি দাবী কৰি থকা আৰু পূৰ্বে কংগ্ৰেছ চৰকাৰখনে ইয়াৰ গতি মন্থৰ কৰা বুলি অভিযোগ কৰি থকা অসমৰ জনসাধাৰণ, দল-সংগঠনৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।