NORTHEAST NOW (Assamese)
অসম

এন ডি এফ বি (পি)ৰ পৰা বহিষ্কাৰ প্ৰাক্তন অধ্যক্ষ ধীৰেন বড়ো আৰু ইষ্টাৰ্ণ কামাণ্ডাৰ ফ্ৰেছ মুছাহাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2019 5:44 pm
NDFB(P)

এন ডি এফ বি(পি)ৰ জেষ্ঠ নেতা তথা প্ৰাক্তন অধ্যক্ষ আৰু ইষ্টাৰ্ণ কামাণ্ডাৰ ক্ৰমে ধীৰেন বড়ো আৰু ফ্ৰেছ মুছাহাৰীক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয়।

সংগঠনবিৰোধী কাৰ্য্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগত বড়ো আৰু মুছাহাৰীক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি বুধবাৰে এন ডি এফ বি(পি)ৰ প্ৰচাৰ সচিব বি বডোছাই উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত ৬ জুনত এন ডি এফ বি(পি)ৰ পুৰণি কেন্দ্ৰীয় সমিতিখন ভংগ কৰি নতুনকৈ গঠন কৰা হৈছিল আৰু নতুন সমতিখনত ধীৰেণ বড়োক অধ্যক্ষ পদৰ বিপৰীতে উপদেষ্টা হিচাপে ৰখা হৈছিল।

সংগঠনৰ নেশ্যনেল কাউন্সিলত সৰ্বসন্মতিক্ৰমে দুয়োগৰাকী নেতাক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি কয় প্ৰচাৰ সচিব বডোছায়।

বডোছাই সংগঠনৰ প্ৰাক্তন অধ্যক্ষ ধীৰেণ বড়ো আৰু ইষ্টাৰ্ণ কামাণ্ডাৰ ফ্ৰেছ মুছাহাৰীৰ বিৰুদ্ধে সংগঠনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ প্ৰমাণ পোৱাৰ বাবেই দুয়োজনকে সংগঠনৰ পৰা বাহিৰ কৰিবলৈ বাধ্য হয় বুলি মন্তব্য কৰে।