NORTHEAST NOW (Assamese)
অসম

সাৱধান হওক! কণীৰো ঘটিব পাৰে বিস্ফোৰণ, গুৰুতৰভাৱে ঘায়েল বৃটিশ্ব যুৱতী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 10:38 am
"Microwave''-way expolodes eggs in UK

অতি প্ৰ’টিনযুক্ত, সুলভ আৰু সহজে খাদ্যৰূপে তৈয়াৰ কৰিব পৰা কণী জনপ্ৰিয় খাদ্য।

কিন্তু, কণীৰো ঘটিব পাৰে বিস্ফোৰণ। আৰু তাৰ মাত্ৰা হ’ব পাৰে আপোনাক ঘায়েল কৰিব পৰা!

মঙলবাৰে পুৱা ব্ৰে’কফাষ্ট তৈয়াৰ কৰি থাকোতে এই ঘটনাই ঘটিছে ২২ বছৰীয়া বৃটিশ্ব যুৱতী বেথানি ৰ’ছাৰৰ সৈতে।

বাৰ্মিংহামৰ যুৱতীগৰাকীয়ে কণী মাইক্ৰ’ৱে’ভ কৰি খাবলৈ লওঁতে এই বিস্ফোৰণ ঘটিছে।

কণী মাইক্ৰ’ৱে’ভ কৰাৰ এই অভিনৱ উপায়ৰ পিছত আকৌ আছে ইণ্টাৰনে’টত উপলব্ধ কুকিং টিপচ।

বেথানিয়ে বোলে মাইক্ৰ’ৱে’ভত কণী কিদৰে বইল কৰিব পাৰি গুগল কৰিছিল।

তাতে উপায় হিচাপে কোনোবাই দিহা দিছিল নিমখ দি মাইক্ৰ’ৱে’ভত “বইল” কৰিব পাৰি কণী। এনে কৰিব পাৰি বুলি দিহা দিয়া অসংখ্য ইউটিউব চেনেল আৰু ৱে’বচাইট আছে, বেথানিয়ে কয়।

সেই দিহামতে তেওঁ দুটা কণী মাইক্ৰ’ৱে’ভ কৰিছিল— নিৰ্দেশনা অনুসৰি পূৰা ছয় মিনিট।

তাৰ পিছত মাইক্ৰ’ৱে’ভৰ পৰা উলিয়াই চাওঁতেই কণীকেইটা বেথানিৰ মুখতে বিস্ফোৰিত হয়।

বেথানিক লগে লগে বাৰ্মিংহামৰ কুইন এলিজাবেথ হস্পিটেলৰ বাৰ্ন ইউনিটত ভৰ্তি কৰোৱা হয়।

কিন্তু তেওঁৰ মুখৰ ছাল এৰাই গৈছে। সোঁ-চকুটোৰো চিৰদিনলৈ বেয়া হয় নেকি ঠিকনা নাই। বেথানিৰ চকুটো খোল খাবলে আৰম্ভ কৰিছে, কিন্তু তেওঁ এতিয়াও স্পষ্টকৈ দেখা পোৱা হোৱা নাই।