NORTHEAST NOW (Assamese)
অসম

কলাইগাঁৱত নাবালিকা ধৰ্ষণকাৰী যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান August 23, 2019 7:27 am
Minor-rape-Man arrested on charges of sexually abusing niece in Jorhat

ওদালগুৰি জিলাৰ কলাইগাঁৱত  এগৰাকী ১৬ বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, যুৱকজনক নয়ন শৰ্মা (২২) বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত বৰজোলা গাঁৱত।

যুৱকজনক স্থানীয় লোকে যোৱা মঙলবাৰে ছোৱালীজনীৰ ঘৰত কৰায়ত্ত কৰে।

ইয়াৰ পাছতে কলাইগাঁও আৰক্ষীয়ে যুৱকজন আৰু ঘটনাৰ বলি ছোৱালীজনীক উদ্ধাৰ কৰে।

ছোৱালীজনীৰ অভিভাৱকে দাখিল কৰা এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ (আই পি চি) ধাৰা ৩৭৬ আৰু যৌন নিৰ্যাতনৰ পৰা শিশুৰ সুৰক্ষা আইন,২০১২ৰ ধাৰা ৪ ৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক বুধবাৰে ওদালগুৰি আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ৰাজ্যখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে ওদালগুৰি জিলাত আন এক নাবালিকা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰৰ শেহৰ সপ্তাহত ওদালগুৰি জিলাৰ কলাইগাঁৱ অঞ্চলত এজন বিবাহিত পুৰুষে এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ  কৰিছিল।

বাতৰিত প্ৰকাশ পাইছিল যে কলাইগাঁও থানাৰ অন্তৰ্গত জেংৰাঝাৰ গাঁৱৰ বাসিন্দা এটা সন্তানৰ পিতৃ ৩৭ বছৰীয়া কন্দৰ্প চৌধুৰীয়ে একেখন গাঁৱৰে তুলি লোৱা এগৰাকী নাবালিকাক ২০১৮ চনৰ ১৭ নৱেম্বৰত ছোৱালীজনীৰ ঘৰতে ধৰ্ষণ কৰিছিল।

ঘটনাৰ বলি শিশুটিৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিছিল।