NORTHEAST NOW (Assamese)
অসম

১২০০ সন্তানৰ ‘মাতৃ’ তেওঁ; ২০ বছৰ বয়সতে শ্মশানত কটাইছিল নিশা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 12:55 pm
thumb_555_082419084541

বিগ বি অমিতাভ বচ্চনৰ মেগা শ্ব’ ‘কৌন বনেগা ক্ৰৌড়পতি-১১’ত শুকুৰবাৰে কৰ্মবীৰ বিশেষ খণ্ডটিত ভাগ লয় সমাজ সেৱিকা সিন্ধুতাই সপকালে।

শ্ব’টোত অমিতাভ বচ্চনে নিজে থিয় হৈ তেওঁক আদৰণি জনায়। অমিতাভে তেওঁ ভৰি চুই সেৱা কৰে আৰু তেওঁক হটছীটত বহুৱায়।

সিন্ধুতাইৰ জীৱন এক সংঘাতপূৰ্ণ পৰিক্ৰমাৰে পাৰ হৈ অহা জীৱন।

কে বে চিত সিন্ধুতাইয়ে নিজৰ কাহিনী বৰ্ণনা কৰোতে সকলো দৰ্শকৰে গাৰ নোম সিঁয়াৰি উঠে।

তেওঁ কয়, ‘’মই ২০ বছৰ বয়সৰ যেতিয়া আছিলো আৰু মোৰ কন্যা মমতাৰ বয়স আছিল ১০ বছৰ। সেই সময়ত মোৰ শহুৰৰ পৰিয়ালে মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। মোৰ মায়েও মোক ঘৰৰ পৰা উলিয়াই দিছিল। তেওঁ মোক বিচৰা নাছিল। মই কি কৰিম ভাবিব পৰা নাছিলো, ইমান কণমানি ছোৱালীজনীক লৈ মই ক’লৈ যাওঁ। মোৰ হাতত খোৱাবোৱা-থকামেলাৰ কাৰণে একো নাই। তেতিয়া মই ৰে’লত ঘুৰিবলৈ ধৰিলো। জীয়াই থকাৰ বাবে মই ৰে’ল গান গোৱা আৰম্ভ কৰিলো।‘’

‘’মোৰ ঘৰ নাছিল। ভিক্ষাৰীসকলৰ লগত খানা খাইছিলো। দিনটো কিবাকৈ পাৰ হৈ যায়, কিন্তু ৰাতিটোৰ বাবেহে চিন্তা হয়। মোৰ বয়স তেতিয়া ২০ বছৰ। পুৰুষলৈ ভয় লাগিছিল। ক’লৈ যাম বুজিব পৰা নাছিলো, সেয়ে মই শ্মশানলৈ গৈ শুইছিলো। কিয়নো নিশা তালৈ কোনো নাহে। মৃত্যুৰ পাছতহৈ তালৈ মানুহ আহে। আকৌ কোনোৱে নিশা মোক তাত দেখিলে ভূত ভূত বুলি চিঞৰি পলাইছিল।‘’

kbc1-1566624106
ফটো : ছনী টিভিৰ সৌজন্যত

এয়াই শেষ নহয়। তেওঁ আগলৈ কৈ গ’ল,’’শ্মশানত থকা এজনী মাইকী মানুহে কি কৰিব পাৰে। মই ভোকাতুৰ আছিলো, গতিকে আনৰ ভোকৰ যন্ত্ৰণা মই বুজি পাওঁ। মই খানা ভগাই খাইছিলো আৰু অনাথসকলৰ ‘মা’ হৈ গ’লো।‘’

সিন্ধুতাইয়ে সকলো অনাথ শিশুৰ চোৱাচিতাৰ কাম আৰম্ভ কৰি দিলে। কিন্তু তেওঁ যেতিয়া এই কাম আৰম্ভ কৰিলে তেতিয়া প্ৰথমতে তেওঁৰ মনলৈ আহিল যে তেওঁৰ নিজৰ কন্যাজনী যদি তেওঁৰ সৈতে থাকে তেতিয়াহ’লে আন শিশুবোৰে তেওঁলোকৰ সৈতে ভেদভাৱ কৰা বুলি ভাবিব পাৰে, সেয়েহে প্ৰথমতেই তেওঁ নিজৰ কন্যা মমতাক নিজৰ পৰা নিলগাই ৰাখিলে।

উল্লেখযোগ্য যে সিন্ধুতাইক অনাথৰ মাতৃ বুলি কোৱা হয়। সিন্ধুতাইয়ে যেতিয়া কোনো অনাথ শিশুক পথৰ দাঁতিত কান্দি থকা দেখে, তেতিয়াই তাক নিজৰ কৰি লয়।

সিন্ধুতাইৰ পৰিয়ালত ২০৭গৰাকী জোৱাই, ৩৬গৰাকী বোৱাৰী আৰু ৪৫০টিতকৈয়ো অধিক নাতি-নাতিনী তথা ১২০০তকৈয়ো অধিক শিশু আছে।

সিন্ধুতাইয়ে ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰৰ উপৰি এতিয়ালৈকে ৭৫০ টা বঁটা লাভ কৰিছে। এতিয়াও তেওঁ নিজৰ কাম নিৰৱিচ্ছিন্নভাৱে কৰি আহিছে।

কে বি চিৰ শ্ব’টোত সিন্ধুতাইয়ে তেওঁৰ জৈৱিক কন্যা মমতাৰ সৈতে হট্শ্বীটত বহিছিল।