NORTHEAST NOW (Assamese)
অসম

জ্ঞানলব্ধ প্ৰকৃত শিক্ষাৰ অভাৱৰ কুপ্ৰভাৱ অন্ধবিশ্বাস,ডাইনীকাণ্ড : মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 2:26 pm
WhatsApp Image 2019-08-24 at 1.34.40 PM

‘‘সমগ্ৰ ভাৰতবৰ্ষ এতিয়া অন্ধবিশ্বাসৰ কড়াল গ্ৰাসত আক্ৰান্ত, ইয়াৰ মূলতে হ’ল প্ৰকৃত জ্ঞানলব্ধ গুণগত শিক্ষাৰ অভাৱ। অসম তথা ভাৰতবৰ্ষৰ শিক্ষানীতিত যেতিয়ালৈ প্ৰকৃত জ্ঞানলব্ধ শিক্ষাৰ পক্ষত আমূল পৰিৱৰ্তন নহ’ব তেতিয়ালৈ অন্ধবিশ্বাসে সমগ্ৰ অসম তথা দেশবাসীক এনেদৰে গ্ৰাস কৰি থাকিব’’।

শুকুৰবাৰে নিশা দিছপুৰত অৱস্থিত ৰ’টাৰী ক্লাৱ অব ইণ্টাৰনেশ্যনেলৰ দক্ষিণ গুৱাহাটী শাখাৰ প্ৰেক্ষাগৃহত ৰ’টাৰী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰ’টাৰিয়ানৰ সন্মুখত এনেদৰে ব্যক্তব্য আগবঢ়াই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই।

ৰ’টাৰী ক্লাব অব ইণ্টাৰনেশ্যনেলৰ দক্ষিণ গুৱাহাটী শাখাৰ উপ-সভাপতি ধীৰাজ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে আমাৰ মানুহে বিজ্ঞানক দৈনন্দিন জীৱনত উপভোগ কৰি অহাৰ উপৰি মানৱ জাতিয়ে মংগল গ্ৰহত বাসস্থান পতাৰ বাবে যো-জা চলোৱাৰ সময়তো নিজকে শিক্ষিত বুলি জাহিৰ কৰা একাংশ লোকে স্বয়ম্ভূ ভগৱান,দেৱ-দেৱী, ভণ্ডবাবা,তান্ত্ৰিক আদিৰ ওপৰতে নিজকে সম্পূৰ্ণৰূপে অৰ্পন কৰি দিয়াৰ মূলতে হ’ল সেই লোকসকলৰ মানসিক অৱস্থা।

উক্ত লোকসকল মানসিকভাকভাৱে সুস্থ, সবল নোহোৱাৰ লগতে নিজৰ ওপৰত আত্মবিশ্বাস নোহোৱাৰ বাবে এনেধৰণৰ ঘটনা দিনকদিনে বৃদ্ধি পাই আহিছে।

শইকীয়াই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ৰ’টাৰিয়ানক সামাজিক দায়বদ্ধতাৰে সমাজৰ পৰা আন্ধবিশ্বাস দূৰ কৰিবৰ বাবে দায়িত্ব সহকাৰে কাম কৰিবলৈ আহ্বান জনায়।