NORTHEAST NOW (Assamese)
অসম

চুপাৰি চিণ্ডিকেটত প্ৰভাৱশালী নেতা, শীৰ্ষ আৰক্ষী বিষয়া, অসাধু ব্যৱসায়ী জড়িত থকাৰ গুৰুতৰ অভিযোগ ৰমেন ডেকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2019 3:26 pm
BJP-MP-Ramen-Deka

কৃষক নেতা অখিল গগৈ আৰু বিভিন্ন সংবাদ মাধ্যমৰ পাছত এইবাৰ ৰাজ্যখনৰ এগৰাকী প্ৰাক্তন সাংসদে চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে।

চুপাৰি চিণ্ডিকেটত ৰাজ্যৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা, শীৰ্ষ আৰক্ষী বিষয়া, অসাধু ব্যৱসায়ী জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছে প্ৰাক্তন সাংসদ ৰমেন ডেকাই।

প্ৰাক্তন সাংসদ গৰাকীয়ে ‘চুপাৰি চিণ্ডিকেটৰ বিষয়টো ৰাজ্যৰ গৃহ বিভাগৰ দ্বাৰা নহয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ‘নিয়া’ (NIA)ৰ দ্বাৰাহে তদন্ত হ’ব লাগে’ বুলিও দাবী উত্থাপন কৰে।

চুপাৰি চিণ্ডিকেটক লৈ খোদ বিজেপি দলৰ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই এইদৰে ক্ষোভ উজাৰি কয়, ‘পুৰ্বৰ য়ু পি এ চৰকাৰৰ দিনতে তেতিয়াৰ কেন্দ্ৰীয় গৃহ সচিব আৰ কে সিং আৰু সেই সময়ৰ ৰাজ্যৰ ডিজিপিক চুপাৰি চিণ্ডিকেটৰ তদন্তৰ দাবী জনাইছিলো’।

আনহাতে, ধাৰাবাহিকভাৱে ৰাজ্যৰ এটা সংবাদ প্ৰতিষ্ঠানে সবিস্তাৰে চুপাৰি চিণ্ডিকেটৰ বিষয়ে বাতৰি প্ৰকাশ কৰা প্ৰসংগত মত প্ৰকাশ কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে তেওঁলোকৰ হাতত তথ্য থকাৰ বাবেই বাতৰি প্ৰকাশ কৰিছে।

শাসকীয় দলৰ এগৰাকী প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতাৰ এনে অভিযোগৰ পাছত প্ৰভাৱশালী ৰাজনৈতিক নেতা, আৰক্ষী বিষয়া আৰু অসাধু ব্যৱসায়ীৰ হাতত ৰাজ্যৰ গৃহ বিভাগ যে অসহায় সেয়া স্পষ্ট হৈ পৰিছে।

আনহাতে প্ৰাক্তন সাংসদ গৰাকীয়ে দাবী কৰা অনুসৰি চুপাৰি চিণ্ডিকেটৰ তদন্তৰ দায়িত্ব ‘নিয়া’ ক দিবলৈ দুৰ্নিতীৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে সাহস কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।