NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ মতে “ঐতিহাসিক দলিল”: ৰাজ্যিক বিজেপিৰ মতে “শুদ্ধ এন আৰ চি নহয়”

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 26, 2019 8:06 pm

১২শ কোটি টকা আৰু প্ৰায় ৬টা বছৰৰ সময় খৰচ কৰাৰ পিছত অহা ৩১ আগষ্টত প্ৰকাশ পাব লগীয়া চূড়ান্ত এন আৰ চিৰ শুদ্ধতাক লৈ এইবাৰ মুকলিকৈ শংকা প্ৰকাশ কৰিলে ৰাজ্যৰ শাসনাধিষ্ঠিত দল বিজেপিয়ে।

গুৱাহাটীৰ দিচপুৰস্থিত গড়কাপ্টানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি কয়, “বিদেশীৰ নামযুক্ত এখন এন আৰ চি কেনেকৈ শুদ্ধ এন আৰ চি হ’ব?”

তেওঁ সংবাদমেলত এন আৰ চি বিষয়টোত দলটোৰ স্থিতি দাঙি ধৰা বুলিও জানিবলৈ দিয়ে।

দাসৰ এই মন্তব্য বিষয়টোত মুখ্য মন্ত্ৰীৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত হোৱা দেখা গৈছে।

মুখ্য মন্ত্ৰী সোণোৱালে অলপতে এন আৰ চিক “ঐতিহাসিক দলিল” আখ্যা দিছিল। বিজেপি দল আৰু চৰকাৰৰ এই বিপৰীত স্থিতিয়ে এতিয়া দোধোৰ-মোধোৰত পেলাইছে বিজেপিৰ অন্যান্য কৰ্মকৰ্তাসকলকো।

আনহাতে আজি সংবাদমেলত সভাপতি দাসে কয় যে এন আৰ চি সম্পূৰ্ণ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলিছে, যিটো কথা দুদিন মান পূৰ্বে বিধায়ক শিলাদিত্যই নস্যাৎ কৰিছিল।

২৩ আগষ্টত এন আৰ চি সম্পৰ্কীয় এখন সংবাদমেলত সাংবাদিকে এন আৰ চি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলিছে বুলি কওঁতে শিলাদিত্যই উভতি ধৰি কৈছিল, “কিহৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত?” আজিৰ সংবাদমেলত তেৱোঁ উপস্থিত আছিল।

ৰঞ্জিত দাসক সংবাদমেলত উপস্থিত সাংবাদিকে প্ৰশ্ন কৰে, কেনেকৈ তেওঁ বিদেশীৰ নাম সোমাইছে বুলি জানিলে? উত্তৰত বিদেশীৰ নাম থকাৰ কথা অনুমানৰ ভিত্তিত কোৱা বুলি জানিবলৈ দিয়ে দাসে।

তেওঁ অভিযোগ কৰি কয়, “বহুতে ভুৱা নথি-পত্ৰ দি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে।”

বহু সংখ্যক ভাৰতীয়ৰ নাম বাদ পৰাৰ পূৰ্ণ শংকা প্ৰকাশ কৰি এইসকলক বিদেশী ন্যায়াধিকৰণলৈ যোৱাৰ পথত আইনী সহায় কৰিবলৈ দলৰ সকলো কৰ্মকৰ্তাক তেওঁ আহ্বান জনায়।

দাসে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণত আৱেদন কৰাৰ সময়সীমা ৬০ দিনৰ সলনি ১২০ কৰাৰ যি সিদ্ধান্ত লৈছে, তাক অসম বিজেপিয়ে আদৰণি জনাইছে বুলি কয়।

দাসে কয়, এজনো যদি ভাৰতীয়ৰ নাম বাদ পৰে তেন্তে সংসদ  আৰু বিধানসভাত আইন প্ৰণয়নৰ বাবে দাবী তোলা হ’ব।

দল আৰু চৰকাৰ নিজেই বিভ্ৰান্তি থকাৰ পিছতো সংবাদমেলতে দাসে এন আৰ চিক লৈ বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়।