NORTHEAST NOW (Assamese)
অসম

ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 11:44 am
Ranu Mondal

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ গীত গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল আজি নিজৰ প্ৰতিভাৰ বলত দেশৰ এগৰাকী শেহতীয়া তাৰকালৈ পৰিগণিত হৈছে।

বলিউদৰ আগশাৰীৰ সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক দিছে হিন্দী চিনেমাত গান গোৱাৰ সুযোগ। ইতিমধ্যে গীতটোৰ ৰেকৰ্ডিঙো হৈ গৈছে।

ৰেকৰ্ডিঙৰ ভিডিঅ’টো হিমেশ ৰেশমিয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছতে ইণ্টাৰনেট জগতত সৃষ্টি হৈছিল খলকনিৰ। সকলোৱে ৰাণু মণ্ডলৰ কণ্ঠৰ প্ৰেমত পৰাৰ লগতে ‘মেলডি কুইন’ ৰূপেও আখ্যা দিছে বহুজনে।

কিন্তু ৰাণু মণ্ডলে কণ্ঠ নিগৰোৱা প্ৰথমটো গীতৰ বাবে লাভ কৰিলে কিমান টকা?

গীতটোৰ বাবে ৰাণু মণ্ডলক কিমান টকা আগবঢ়োৱা হৈছে সেয়া এই পৰ্যন্ত হিমেশে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও একাংশ সংবাদ মাধ্যমে এই পৰিমাণ আকৰ্ষণীয় বুলি প্ৰকাশ কৰিছে।

জানিব পৰা অনুসৰি হিমেশৰ আগন্তুক হিন্দী চিনেমা ‘হেপ্পী হাৰ্দী এণ্ড হিৰ’ৰ ‘তেৰি মেৰি কাহানী’ শীৰ্ষক গীতটিৰ বাবে ৰাণুলৈ আগবঢ়োৱা হৈছে ৬ৰ পৰা ৭ লাখ টকা।

ইফালে আন এটা সূত্ৰই দাবী কৰে, বলিষ্ঠ কণ্ঠ লৈ বলিউদত ঘটনাক্ৰমে আত্মপ্ৰকাশ কৰা ৰাণুৱে গীতটোৰ বাবে কোনো ধৰণৰ মাননি নলওঁ বুলি হিমেশক স্পষ্ট কৰি দিছিল।

কিন্তু ৰাণুৰ আপত্তিৰ পাছতো হিমেশে জোৰ কৰিয়ে ৰাণুৰ প্ৰতিভাৰ পাৰিশ্ৰমিক প্ৰদান কৰে আৰু ছুপাৰষ্টাৰ হোৱাৰ পৰা তেওঁক কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলিও তেওঁক দাবী কৰে।

লগতে পঢ়ক : দহ বছৰৰ পিছত ”চেলিব্ৰেটি” মাক ৰাণু মণ্ডলক বিচাৰি আহিল জীয়েকে; ছ’চিয়েল মিডিয়াত ভৰ্ৎসনা

উল্লেখ্য যে ৰাণুৱে এটা সাক্ষাৎকাৰত নিজে কৈছে যে গানৰ বাবে তেওঁক কোনোবাই কেতিয়াবা সামান্য পৰিমাণে পইচা দিছিল আৰু কোনোবাই খোৱা বস্তু দি গৈছিল। আৰু এইদৰেই তেওঁ চলাই নিছিল নিজৰ জীৱন।

কিন্তু ৰাণুৰ ভাগ্য তেতিয়াই সলনি হ’ল যেতিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন যাত্ৰীয়ে তেওঁ লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই থকা মূহুৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে নিশাৰ ভিতৰতে এক প্ৰকাৰ চেলিব্ৰেটি হৈ পৰিল ৰাণু মণ্ডল।

ইয়াৰ পাছতে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াই যোগাযোগ কৰি হিন্দী চিনেমাত গীত গোৱাৰ সুযোগ প্ৰদান কৰিছিল।

হঠাৎ এনেদৰে জীৱনৰ গতিপথ সলনি হোৱা প্ৰসংগত ৰাণু মণ্ডলে কয় যে এয়া মোৰ বাবে দ্বিতীয় জীৱন আৰু ইয়াক সুন্দৰময় কৰাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰিম।

ৰেইলেৱে ষ্টেশ্যনৰ পৰা বলিউদলৈ ৰাণুৰ এই যাত্ৰা চিনেমাৰ কাহিনীৰ দৰেই মনোৰম।