NORTHEAST NOW (Assamese)
অসম

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত আছুৱে বন্ধ কৰি দিলে অ’ এন জি চিৰ সকলো কামকাজ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 28, 2019 1:44 pm
ONGC Bandh By AASU

তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত আছুৱে আহ্বান জনোৱা ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ প্ৰথম ঘণ্টাতে, অৰ্থাৎ পুৱা ৫ বজাতেই অ’ এন জি চিৰ পৰিবহণ বিভাগ, গেলেকী তৈলক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ, খনন ক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে এই বন্ধৰ কাৰ্য্যসূচীক ৰূপায়ণ কৰিবলৈ আজি পুৱাতেই সদল-বলে ওলাই আহে।

গেলেকী তৈলক্ষেত্ৰকে ধৰি বিভিন্ন তৈলক্ষেত্ৰ স্লাম বাৰ্জাৰৰ দৰে ব্যক্তিগতখণ্ডৰ কোম্পানিক হস্তান্তৰ কৰা, থলুৱাৰ নিয়োগ বন্ধ কৰা আৰু আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত তেল আৰু গেছ কোম্পানিটোৰ অসমবিৰোধী স্থিতিৰ  বিৰোধিতাত ছাত্ৰ সংগঠনটোৱে এই বন্ধৰ আহ্বান জনাইছিল।

আছুৰ বন্ধৰ বাবে নিগমৰ পৰিবহণ সেৱা বন্ধ হৈ পৰাত বিভিন্ন তৈল ক্ষেত্ৰলৈ কৰ্মচাৰীসকলৰ যাতায়াত অসম্ভৱ হৈ পৰাৰ লগতে তৈল উৎপাদনকে ধৰি অ’ এন জি চিৰ সকলো কামকাজ বন্ধ হৈ পৰে।

অ’ এন জি চিৰ বিষয়াসকলক লৈ অহা সৰু গাড়ীবোৰো তৈলক্ষেত্ৰৰ গেইটৰ পৰাই ঘূৰাই পঠোৱা দেখা গৈছে ছাত্ৰ সংগঠনটোক। লগতে তেওঁলোককক কাৰ্যালয়ত প্ৰৱেশতো বাধা প্ৰদান কৰা হয়।

আছু নেতৃত্বৰ হুংকাৰ- কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰক। অন্যথা ভয়াৱহ হ’ব পৰিস্থিতিৰ সৃষ্টি হ’ব। এশ ঘণ্টীয়া বন্ধৰ কাৰ্যসূচীৰ পাছত ১০০০ ঘণ্টীয়া অ’ এন জি চি  বন্ধৰ দৰে কঠোৰতম সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে ছাত্ৰ সংগঠনটোৱে।

জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা অসম চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই৷

উল্লেখ্য যে গেলেকী তৈলক্ষেত্ৰকে ধৰি অ’এনজিচিৰ বহুকেইখন তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৱে এই সিদ্ধান্ত বাতিল কৰিবলৈ ২৫ আগষ্টত সংবাদ মেল যোগে অ’এনজিচিক সকীয়াই দিছিল৷

আছুৰ এই সকীয়নিৰ পাছত অ’ এন জি চিয়ে আছুৰ লগত কেইবালানিও আলোচনাত বহিছিল যদিও আছু নিজৰ স্থিতিত অটল থকাত আলোচনা বিফল হয়৷

আলোচনাই কাম নিদিয়াৰ পিছতে ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা আছুৱে ১০০ ঘণ্টীয়া অ’ এন জি চি বন্ধৰ কাৰ্য়সূচী ঘোষণা কৰিছে।

অ’ এন জি চিয়ে দীৰ্ঘদিন ধৰি থলুৱা নিবনুৱাক বঞ্চিত কৰা,  অসমৰ বানপানীত আর্তজনক তিলমানো সহায় আগ নবঢ়োৱা ইত্যাদি অসম বিৰোধী স্থিতিৰ বাবেও এই বন্ধৰ  কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ সংগঠনটোৱে।

আজিৰ পৰা আৰম্ভ হোৱা বন্ধৰ ফলত শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অ’ এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়, গেলকী, লাকুৱা, চফ্ৰাই, দিচাংমুখ আদি তৈলক্ষেত্ৰৰ সকলো কামকাজ স্থবিৰ হৈ পৰিছে বুলি খবৰ পোৱা গৈছে।

সমান্তৰালভাৱে শিৱসাগৰ নগৰস্থিত অ’ এন জি চিৰ কাৰ্য্যালয়, ট্ৰেন্সপ’ৰ্ট চে’ল, চেণ্ট্ৰেল ৱৰ্কশ্বপ আদিৰ সকলো কামকাজ ব্যাপক ৰূপত প্ৰভাৱিত হৈছে।