NORTHEAST NOW (Assamese)
অসম

পৰিবহণ বিভাগক ৰেপিড’ৰ প্ৰত্যুত্তৰ পত্ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 28, 2019 8:13 pm
Rapido_Bike_Guwahati Rapido responds to Kamrup (M) district transport officer

কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়াক বুধবাৰে প্ৰত্যুত্তৰ পত্ৰ দিছে বাইক টেক্সি সেৱা প্ৰতিষ্ঠান ৰেপিড’ই।

ৰেপিড’ৰ বিৰুদ্ধে সোমবাৰৰ পৰা অভিযান চলাব বুলি নৰ্থ ইষ্ট নাওক জনাইছিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া বাপন কলিতাই।

এনেকুৱা ব্যৱসায় কৰিবলৈ সংশ্লিষ্ট বিভাগবোৰৰ পৰা প্ৰয়োজন হোৱা অনুমতি আৰু অনুজ্ঞাপত্ৰ নথকা বাবে কোম্পানীটোৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব বুলি জানিবলৈ দিছিল কলিতাই।

কিন্তু বৰ্তমানলৈকে ৰেপিড’ কৰ্তৃপক্ষলৈ কোনো জিলা পৰিবহণ বিষয়াৰ তৰফৰ পৰা কোনো ধৰণৰ আইনী জাননী যোৱা নাই, নৰ্থ ইষ্ট নাওক এই কথা জনায় ৰেপিড’ৰ অসম শাখাৰ জনসম্পৰ্কৰক্ষী বিষয়া শুভংকৰ বেনাৰ্জীয়ে।

‘বন্ধ হ’ব বুলি আমালৈ কোনো আইনী জাননী অহা নাই। আমালৈ প্ৰত্যুত্তৰ বিচাৰি জিলা পৰিবহণ বিষয়াৰ পৰা যোৱা ২৬ আগষ্টত চিঠি আহিছিল। আজি আমি প্ৰত্যুত্তৰ পত্ৰ (ৰেচপন্স লেটাৰ) দি আহিলো।’ এইদৰে কয় বেনাৰ্জীয়ে।

ৰেপিড’ কৰ্তৃপক্ষই আজি প্ৰত্যুত্তৰ চিঠি দিছে যদিও বিস্তৃত প্ৰত্যুত্তৰ চিঠি দিবৰ বাবে ৬ সপ্তাহ সময় বিচাৰিছে জিলা পৰিবহণ বিষয়াৰ পৰা।

প্ৰত্যুত্তৰ চিঠিত কেন্দ্ৰীয় পৰিবহণ আৰু পথ বিভাগৰ আপত্তিহীনতাৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি, বিহাৰ, ৰাজস্থান আৰু হাৰিয়ানাৰ বাইক পলিচী ৰোল, আৰু অসমৰ অনুজ্ঞা পত্ৰ বা অনুমতি পত্ৰ সংলগ্ন হ’লেহে সেইখন পূৰ্ণাংগ হৈ উঠিব বুলি বেনাৰ্জীয়ে কয়।

কামৰূপ মহানগৰ পৰিবহণ বিষয়াক পত্ৰ প্ৰেৰণৰ লগতে বুধবাৰে তৃতীয়বাৰলৈ অনুমতি বিচাৰি ৰেপিড’ কৰ্তৃপক্ষই পৰিবহণ আয়ুক্তক আবেদন জনালে বুলি বেনাৰ্জীয়ে উল্লেখ কৰে।

‘পৰিবহণ আয়ুক্তক আজি তৃতীয়বাৰলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰা হ’ল। জিলা পৰিবহণ বিষয়া আৰু পৰিবহণ আয়ুক্তই আমাক সহযোগিতা কৰিব বুলি আশ্বাস দিছে। আমি যিখিনি নথি-পত্ৰ দিছো সেইখিনিৰ ওপৰত অসম চৰকাৰে কেবিনেটত ৰেপিড’ৰ পলিচী বনাব। বৰ্তমানো ৰেপিড’ চাৰ্ভিছটো সুন্দৰভাৱে চলি আছে।’ বেনাৰ্জীয়ে আমাৰ সাংবাদিকৰ আগত কয়।

ইপিনে, অসমত বাইক টেক্সী সেৱাৰ কোনো নীতি আৰু নিৰ্দেশনা নাই বুলি দাবী কৰে বেনাৰ্জীয়ে।

‘আমাৰ ইয়াত বাইক টেক্সীৰ কোনো নীতি নিৰ্দেশনা নাই। ২০১৬ত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীয়ে বাইক টেক্সী বৈধ সেৱা বুলি ঘোষণা কৰিছিল। কেনেধৰণৰ পলিচিৰে ৰেপিড’ সেৱা চলাব সেই বিষয়ে ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব লাগিব, কিয়নো ৰাজ্যভেদে বেলেগ বেলেগ পলিচী হ’ব পাৰে। অসমৰ যান-বাহন নিৰ্দেশনা আইনখনত বাইক টেক্সীৰ বাবে কোনো নীতি-নিৰ্দেশনা নাই। ৰেপিড’ বন্ধ কৰিব হ’লে বিলখন সংশোধন কৰিব লাগিব।’ বেনাৰ্জীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘ৰেপিড’ৰ ক্ষেত্ৰত যে ইমানখিনি কৰিছে। ওলা আৰু ওবেৰ বাইকৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কিয় একো ব্যৱস্থা লোৱা নাই? সেয়া এক প্ৰশ্নবোধক থাকি গ’ল।’