NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2019 10:10 am
Union Budget 2019-20: Reactions

দেশৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ দিশে গতি কৰি থকাৰ সময়তে আজি এক অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

বিত্ত মন্ত্ৰী সীতাৰমনৰ সৈতে আহিব বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰো।

জানিব পৰা মতে তেওঁলোকে আজি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উত্তৰ-পূবৰ কৰ বিষয়া আৰু কৰদাতা সকলৰ সৈতে মত বিনিময় কৰিব।

মত বিনিময় অনুষ্ঠানৰ পাছতে বিয়লি ৪.১৫ বজাত ৰেডিছন ব্লুতে বিত্ত মন্ত্ৰী গৰাকীয়ে এখনি সংবাদমেল সম্বোধন কৰিব।

উল্লেখ্য যে ভাৰতীয় অৰ্থনীতিৰ এই মন্দাৱস্থাৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰত দেশৰ কৰদাতা সকলৰ পৰা সম্পূৰ্ণ সহায় বিচাৰি বিত্ত মন্ত্ৰী সীতাৰমনে দেশৰ প্ৰত্যেক ৰাজ্যলৈ গৈ তেওঁলোকৰ সৈতে মত বিনিময়ৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

এই কাৰ্যৰ অংশ স্বৰূপে সীতাৰমনে গুৱাহাটীলৈ অহাৰ পূৰ্বে গোৱাৰ কৰদাতা সকলৰ সৈতে মিলিত হৈছিল।

ইয়াৰ উপৰি দেশৰ বিত্ত বিভাগে জি এছ টি কৰ প্ৰদানৰ অন্তিম সময়সীমা ৩১ আগষ্টৰ পৰিৱৰ্তে ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰিছে।