NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাতো এন আৰ চিৰ বাবে দাবী উত্থাপন খিলঞ্জীয়া নেতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 2, 2019 12:17 pm
maxresdefault

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(এন আৰ চি) চূড়ান্ত তালিকা প্ৰকাশৰ পাছত সমগ্ৰ দেশতে ই এক চৰ্চাৰ বিষয় হৈ পৰিছে।

ত্ৰিপুৰাৰ খিলঞ্জীয়া তিপ্ৰাছা সম্প্ৰদায়ৰ সদস্যৰে গঠিত এখন সমিতিয়ে দেওবাৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ দেববাৰ্মাই সংবিধানৰ ২৪৪ অনুচ্ছেদৰ অধীনত ত্ৰিপুৰাত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে এখন স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী তোলে।

তেওঁ খিলঞ্জীয়া ৰোমান লিপিৰ ককবৰক ভাষাক সংবিধানৰ অষ্টম অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰি ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰাৰো দাবী তোলে।

ত্ৰিপুৰাতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰাৰ দাবী তুলিছে দেববাৰ্মাই।

তেওঁ কয়,’’আমি কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ অভিপ্ৰায়ৰ বিৰোধিতা কৰি আহিছো। যদি সেয়া হয়, তেতিয়াহ’লে খিলঞ্জীয়া তিপ্ৰাছাসকলৰ বাবে কোনো ন্যায় নহ’ব।‘’

অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সংগঠনসমূহ সজাগ হৈ পৰিছে।

আনহাতে, দেশৰ আন প্ৰান্ততো এন আৰ চিৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে শনিবাৰে অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত দিল্লী বিজেপিৰ সভাপতিয়ে দিল্লীতো এন আৰ চিৰ দাবী উত্থাপন কৰিছে।